বতাহ, ধুমুহা আৰু ঘূণিবতাহ

১) তলৰ উক্তিবোৰত থকা খালী ঠাই পূৰ্ণ কৰা:

(ক) বতাহ হ’ল বায়ুৰ _____________অৱস্থা।

উত্তৰঃ বতাহ হ’ল বায়ুৰ গতিশীল অৱস্থা।

(খ) ভূ-পৃষ্ঠত উত্তাপৰ _______________বাবে বতাহৰ উৎপত্তি হয়।

উত্তৰঃ ভূ-পৃষ্ঠত উত্তাপৰ তাৰতম্যৰ বাবে বতাহৰ উৎপত্তি হয়।

(গ) ভূপৃষ্ঠৰ ওচৰৰ ঠাইবোৰত ____________বায়ু ঊর্ধ্বমুখী হয় আৰু  __________________বায়ু অধোগামী হয়।

উত্তৰঃ ভূপৃষ্ঠৰ ওচৰৰ ঠাইবোৰত গৰম বায়ু ঊর্ধ্বমুখী হয় আৰু ঠাণ্ডা বায়ু অধোগামী হয়।

(ঘ) বায়ু  _____________চাপ অঞ্চলৰপৰা _________________ চাপ অঞ্চললৈ বয়।

উত্তৰঃ বায়ু উচ্চ চাপ অঞ্চলৰপৰা নিম্ন চাপ অঞ্চললৈ বয়।

২) কোনো এখন ঠাইৰ বতাহৰ দিশ নির্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখা।

উত্তৰঃ (ক) কাগজ, ধূলি বা শুকান পাত ব্যৱহাৰ: হাতত কাগজৰ টুকুৰা, ধূলি, বা গছৰ শুকান পাত লৈ ওপৰৰ পৰা এৰি দিলে, সেইবোৰ যি দিশে যায়, সেই দিশে বতাহ প্রবাহিত হৈছে বুলি ঠিৰাং কৰিব পাৰি.

(খ) উইণ্ড ভেন (Wind Vane) যন্ত্ৰ ব্যৱহাৰ: উইণ্ড ভেন নামৰ যন্ত্রৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি.

৩) তোমাৰ দুটা অভিজ্ঞতা উল্লেখ কৰা য’ত বায়ুৰ চাপৰ প্রমাণ পোৱা গৈছিল। (পাঠ্যপুথিত দিয়াবোৰৰ বাহিৰে)

৪) তুমি এটা ঘৰ কিনিব বিচাৰিছা। খিৰিকী থকা কিন্তু ভেন্টিলেটৰ নথকা ঘৰ কিনিব বিচাৰিবানে? তোমাৰ উত্তৰৰ ব্যাখ্যা আগবঢ়োৱা।

৫) ওলমি থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখাৰ কাৰণ দর্শোৱা।

উত্তৰঃ ওলোমা থকা বেনাৰ বা হৰ্ডিঙত ফুটা ৰখাৰ মূল কাৰণ হৈছে, ই বতাহৰ চাপ কম কৰে, যাৰ ফলত বেনাৰ বা হৰ্ডিঙটো ছিঙি যোৱাৰ আশংকা কম হয়।

৬) তোমাৰ গাঁও বা চহৰত ঘূর্ণিবতাহ আহিলে ওচৰ চুবুৰীয়াক কি দৰে সহায় কৰিবা?

উত্তৰঃ গাঁও বা চহৰত ঘূর্ণিবতাহ আহিলে ওচৰ চুবুৰীয়াক তলত দিয়া ধৰণে সহায় কৰিব পাৰো –

 টিভি, ৰেডিঅ’ বা সংবাদপত্ৰৰ জৰিয়তে জলবায়ু বিভাগে প্ৰকাশ কৰা সতৰ্কবাৰ্তাৰ বিষয়ে তেওঁলোকক অৱগত কৰোৱা।

প্ৰয়োজন পৰিলে সুৰক্ষিত স্থানলৈ যাবলৈ উপদেশ দিয়া আৰু গৃহস্থালীৰ আৱশ্যকীয় সামগ্ৰী, গৃহপালিত পশু-পক্ষী আৰু বাহন আদি স্থানান্তৰৰ ব্যৱস্থা কৰা।

৭) ঘূর্ণিবতাহে সৃষ্টি কৰা অৱস্থাৰ লগত মোকাবিলা কৰিবলৈ কেনেধৰণৰ আগতীয়া পৰিকল্পনাৰ আৱশ্যক?

৮। তলৰ কোনখন ঠাই ঘূৰ্ণিবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই-

(i) চেন্নাই

(ii) মাঙ্গাগলুৰু (মাঙ্গালোৰ)

(iii) অমৃতসৰ

(iv) পুৰি

উত্তৰঃ (iii) অমৃতসৰ

৯। তলত উল্লেখ কৰা উক্তিবোৰৰ কোনবোৰ শুদ্ধ ?

(ক) শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়।

উত্তৰঃ শুদ্ধ ।

(খ) গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয়।

উত্তৰঃ অশুদ্ধ ।

(গ) এটা উচ্চচাপ অঞ্চল আৰু তাৰ চাৰিওফালে তীব্ৰ গতিৰে ঘূৰি থকা বায়ুস্ৰোতে ঘূৰ্ণি বতাহ সৃষ্টি কৰে।

উত্তৰঃ অশুদ্ধ ।

(ঘ) ভাৰতৰ উপকূলবোৰ ঘূৰ্ণিবতাহপ্ৰৱণ নহয়।

উত্তৰঃ অশুদ্ধ ।

Scroll to Top