কোষ- গঠন আৰু কাৰ্য

পাঠভিত্তিক অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১) তলৰ উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা:

(ক) এককোষী জীৱৰ দেহত এটা কোষ থাকে। ➔ সত্য 

(খ) পেশী কোষবোৰ শাখাযুক্ত। ➔ অসুত্য় (কাৰণ পেশী কোষ মাকো আকৃতিৰ, স্নায়ুকোষহে শাখাযুক্ত)

(গ) এটা জীৱৰ মৌলিক জীৱিত একক হ’ল অংগ। ➔ অসুত্য় (কাৰণ মৌলিক জীৱিত একক হ’ল কোষ)

(ঘ) এমিবাৰ আকৃতি অনিয়মীয়া। ➔ সত্য

প্ৰশ্ন ২) মানুহৰ স্নায়ুকোষৰ কাৰ্য উল্লেখ কৰা। 

উত্তৰ: স্নায়ুকোষৰ কাৰ্য: স্নায়ুকোষে (Neuron) আমাৰ শৰীৰৰ সংগ্ৰাহক ইন্দ্ৰিয়সমূহৰ পৰা বাৰ্তা (সংকেত বা উদ্দীপনা) সংগ্ৰহ কৰি মগজু আৰু স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ কৰে আৰু মগজুৰ পৰা প্ৰয়োজনীয় নিৰ্দেশ অংগসমূহলৈ কঢ়িয়াই নিয়ে। ইয়াৰ দ্বাৰা ই শৰীৰৰ বিভিন্ন অংগৰ কাৰ্যাৱলী নিয়ন্ত্ৰণ আৰু পাৰস্পৰিক যোগাযোগ ৰক্ষা কৰে।

প্ৰশ্ন ৩) তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখা:

(ক) কোষপ্ৰৰস (Cytoplasm):
কোষপ্ৰৰস বা চাইটোপ্লাজম হ’ল কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত অৱস্থিত এক জেলিসদৃশ অৰ্ধ-জুলীয়া তৰল পদাৰ্থ। ইয়াৰ ভিতৰতে কোষৰ যাৱতীয় কোষাংগসমূহ (যেনে: মাইট্ৰ’কনড্ৰিয়া, গলগি বডি, ৰাইব’জ’ম, প্লাষ্টিড, ৰসধানী আদি) ওপঙি থাকে। কোষৰ সকলো ধৰণৰ প্ৰয়োজনীয় জৈৱ-ৰাসায়নিক ক্ৰিয়া-কলাপ এই কোষপ্ৰৰসৰ মাজতেই সম্পাদিত হয়।

(খ) কোষকেন্দ্ৰ (Nucleus):
কোষকেন্দ্ৰ হৈছে জীৱকোষৰ সৰ্বপ্ৰধান নিয়ন্ত্ৰণকাৰী অংগ। ই সাধাৰণতে কোষৰ কেন্দ্ৰভাগত অৱস্থিত এক ঘন গোলাকাৰ অংশ। ইয়াক এখন ছিদ্ৰযুক্ত কোষকেন্দ্ৰীয় আৱৰণে আৱৰি ৰাখে। কোষকেন্দ্ৰৰ ভিতৰত অতিকোষকেন্দ্ৰ (নিউক্লিঅ’লাছ) আৰু সূতাৰ দৰে ‘ক্ৰম’জ’ম’ থাকে। ক্ৰম’জ’মত থকা জিনে বংশগত বৈশিষ্ট্যসমূহ পিতৃ-মাতৃৰ পৰা সন্তানলৈ কঢ়িয়াই নিয়ে। তদুপৰি কোষকেন্দ্ৰই কোষৰ সকলো কাম নিয়ন্ত্ৰণ কৰে।

প্ৰশ্ন ৪) কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে?

উত্তৰ: কোষপ্ৰৰস বা চাইটোপ্লাজমত (Cytoplasm)

প্ৰশ্ন ৫) প্ৰাণী আৰু উদ্ভিদৰ কোষৰ মাজত থকা তিনিটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা।

উত্তৰ:

 

বৈশিষ্ট্য

উদ্ভিদ কোষ (Plant Cell)

প্ৰাণী কোষ (Animal Cell)

১. কোষবেৰ (Cell Wall)

কোষাৱৰণৰ বাহিৰত এখন ডাঠ কোষবেৰ থাকে।

কোনো কোষবেৰ নাথাকে (কেৱল কোষাৱৰণ থাকে)।

২. হৰিৎকণা / প্লাষ্টিড

প্লাষ্টিড আৰু হৰিৎকণা (ক্ল’ৰ’প্লাষ্ট) থাকে।

কোনো প্লাষ্টিড নাথাকে।

৩. ৰসধানী (Vacuole)

কোষৰ মাজত এটা অতি ডাঙৰ ৰসধানী থাকে।

ৰসধানীবোৰ আকাৰত অতি সৰু আৰু একাধিক থাকে।

প্ৰশ্ন ৬) ইউকেৰিঅ’টছ (সংকোষকেন্দ্ৰীয়) আৰু প্ৰ’কেৰিঅ’টছ (প্ৰকোষকেন্দ্ৰীয়) ৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।

উত্তৰ:

 

বৈশিষ্ট্য

প্ৰ’কেৰিঅ’টিক কোষ (প্ৰকোষকেন্দ্ৰীয়)

ইউকেৰিঅ’টিক কোষ (সংকোষকেন্দ্ৰীয়)

১. কোষকেন্দ্ৰৰ গঠন

কোষকেন্দ্ৰীয় আৱৰণ নাথাকে, কোষকেন্দ্ৰ সুসংগঠিত নহয়।

স্পষ্ট কোষকেন্দ্ৰীয় আৱৰণযুক্ত সুসংগঠিত কোষকেন্দ্ৰ থাকে।

২. আৱৰণযুক্ত কোষাংগ

মাইট্ৰ’কনড্ৰিয়া, গলগি বডি আদি আৱৰণযুক্ত কোষাংগ নাথাকে।

আৱৰণযুক্ত সকলো কোষাংগ উপস্থিত থাকে।

৩. উদাহৰণ

বেক্টেৰিয়া আৰু নীল-সেউজীয়া শেলাই।

পিঁয়াজৰ বাকলিৰ কোষ, মানুহৰ গালৰ কোষ, গছ-গছনি আদি।

প্ৰশ্ন ৭) কোষৰ কোনটো অংশত ক্ৰম’জ’ম পোৱা যায়? সিহঁতৰ কামবোৰ উল্লেখ কৰা।

উত্তৰ: অৱস্থান: ক্ৰম’জ’ম কোষৰ কোষকেন্দ্ৰৰ (Nucleus) ভিতৰত পোৱা যায়।

  • কাৰ্যসমূহ:
    ১) ক্ৰম’জ’মে জিন (Gene) বহন কৰে আৰু বংশগত লক্ষণসমূহ (যেনে: চকুৰ ৰং, চুলিৰ আৰ্হি আদি) পিতৃ-মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰ কৰে।
    ২) ই কোষ বিভাজন আৰু জীৱৰ দৈহিক বৃদ্ধি নিয়ন্ত্ৰণ কৰে।

প্ৰশ্ন ৮) ‘কোষ জীৱৰ মৌলিক গঠনগত একক’— ব্যাখ্যা কৰা।

উত্তৰ:
যিদৰে বহুতো ইটা এটাৰ পিছত আনটোকৈ গাঁথি এখন বেৰ আৰু অৱশেষত এটা সুন্দৰ ঘৰ নিৰ্মাণ কৰা হয়, ঠিক তেনেদৰেই পৃথিৱীৰ সকলো ক্ষুদ্ৰ আৰু বৃহৎ জীৱৰ দেহ অসংখ্য জীৱিত কোষৰ দ্বাৰা গঠিত হয়।
বহুটো একে জাতীয় কোষ মিলি কলা (Tissue) গঠন কৰে, কলাবোৰ মিলি অংগ (Organ) আৰু বিভিন্ন অংগ মিলি এটা সম্পূৰ্ণ জীৱদেহ গঠন কৰে। তদুপৰি জীৱন ধাৰণৰ সকলো প্ৰাথমিক জৈৱিক ক্ৰিয়া (যেনে: শ্বসন, পুষ্টি গ্ৰহণ, ৰেচন আদি) প্ৰতিটো কোষে স্বতন্ত্ৰভাৱে সম্পাদন কৰিব পাৰে। সেয়েহে কোষক জীৱৰ মৌলিক গঠনগত আৰু কাৰ্যগত একক বোলা হয়।

প্ৰশ্ন ৯) কিয় হৰিৎকণা মাথো উদ্ভিদৰ কোষতহে পোৱা যায়? ব্যাখ্যা কৰা।

উত্তৰ:
হৰিৎকণা বা ক্ল’ৰ’প্লাষ্টত ‘ক্ল’ৰ’ফিল’ (পত্ৰহৰিৎ) নামৰ এবিধ সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে। উদ্ভিদে ক্ল’ৰ’ফিলৰ সহায়ত সূৰ্যৰ পোহৰ শোষণ কৰি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। আনহাতে প্ৰাণীয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত নকৰে (পৰপোষী) বাবে প্ৰাণীকোষত ক্ল’ৰ’ফিল বা হৰিৎকণাৰ কোনো প্ৰয়োজন নাথাকে। সেয়েহে হৰিৎকণা কেৱল উদ্ভিদকোষতহে পোৱা যায়।

প্ৰশ্ন ১০) তলৰ শব্দ সাঁথৰ সম্পূৰ্ণ কৰা:

  • তললৈ:
    ১) কোষকেন্দ্ৰত থকা পকোৱা-সূতাসদৃশ গঠনৰ উপাদান ➔ ক্ৰম’জ’ম
    ৩) পাতৰ কোষৰ কোষপ্ৰৰসত থকা ৰঙীন পদাৰ্থ ➔ প্লাষ্টিড
    ৪) এবিধ এককোষী জীৱ ➔ এমিবা
    ৫) কোষপ্ৰৰসত থকা খালী ঠাই বিশিষ্ট গঠন ➔ ৰসধানী
    ৬) জীৱৰ অংগ গঠন কৰা কোষৰ সমষ্টি ➔ কলা

  • পথালিকৈ:
    ২) কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিসদৃশ দ্ৰব্য ➔ কোষপ্ৰৰস
    ৫) কোষ আৱিষ্কাৰকাৰী বিজ্ঞানীগৰাকী ➔ ৰবাৰ্ট হুক

Scroll to Top