তেজৰে কমলাপতি

৩। তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।

(ক) বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি?

উত্তৰঃ বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হ’ল – শ্ৰী মন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ।

(খ) ‘তেজৰে কমলাপতি’ নামৰ বৰগীতটোৰ ৰচক কোন?

উত্তৰঃ তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হ’ল -মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ ।

(গ) ‘তিমিৰ ফেৰিয়া’ কি বাজ হয়?

উত্তৰঃ তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ হয় ।

(ঘ) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল?

উত্তৰঃ যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল।

৪। তলত দিয়া পদ দুশাৰীত কোনে, কাক, কি কৈছে— নিজৰ কথাৰে লিখা।

‘নন্দ গেল বাথানে গোৱাল গেল পাল।

সুৰভী চাৰিতে লাগে উঠৰে গোপাল।।’

উত্তৰঃ এই কথা কথাষাৰ যশোদাই শুই থকা শিশু কৃষ্ণক জগাইছে।

৫) শব্দ  সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা।

উত্তৰঃ

কমলাপতি

শ্ৰী কৃষ্ণ

তিমিৰ

এন্ধাৰ

ব্ৰজবধু

ব্রজধামৰ বােৱাৰী

 শতপত্ৰ 

পদুম

ভ্ৰমৰ

ভোমোৰা

 ত্ৰিজগত

স্বর্গ

ডাকে

মাতে

ৰয়নী

ৰজনী , নিশা

৬ । বৰগীতটোত প্ৰকাশ  পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া।

৭ । তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা।

৮) (ক)শব্দৰ আগত  ‘ত্ৰি’ শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা ।

উত্তৰঃ

জগত

 ত্ৰিজগত

শূল 

 ত্ৰিশূল

ভুজ

ত্ৰিভুজ

কোণ

ত্ৰিকোণ

কাল

ত্ৰিকাল

নয়ন

ত্ৰিনয়ন

(খ) তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা।

উত্তৰঃ মুখ (বিমুখ) – শিক্ষকৰ কথা শুনি বিমুখ হোৱা উচিত নহয়।

দূূৰ (বিদূৰ) – আমাৰ বিদ্যালয়খন গাঁৱৰ বিদূৰত আছে।

কিৰণ (বিকিৰণ) – সূৰ্যই পোহৰ বিকিৰণ কৰে।

 নন্দ (বিনন্দ) – বিনন্দ গোপালৰ কথা ভাবি মাতৃয়ে কান্দি উঠিল।

৯। তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা।

(ক) ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।

উত্তৰঃ এন্ধাৰ আঁতৰি চাৰিওদিশ পোহৰ হ’ল।

(খ) শতপত্র বিকশিত ভ্ৰমৰ উৰায়।

উত্তৰঃ ফুলি থকা পদুমত ভোমোৰা উৰিছে।

(গ) দাম-সুদাম ডাকে তেৰি লৈয়া নাম।

উত্তৰঃ দাম–সুদামে তােমাৰ নাম ধৰি মাতিব লাগিছে ।

(ঘ) ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেণু ।

উত্তৰঃ ক্ষীৰ, লৱণু, শিঙা , এচাৰি লোৱা আৰু গৰু চৰাবলৈ যােৱা ।

১০। এটা শব্দত প্ৰকাশ কৰা।

গৰু বন্ধা ঠাই ।

উত্তৰঃ গোহালি ।

যিয়ে ৰাতি নেদেখে ।

উত্তৰঃ কুকুৰীকণা ।

যিজনে সকলো জানে।

উত্তৰঃ সৰ্বজ্ঞ ।

যিজন সকলোৰে মাজত প্রিয় ।

উত্তৰঃ জনপ্ৰিয় ।

যাক সহজে লাভ কৰিব নোৱাৰি ।

উত্তৰঃ দুৰ্লভ ।

যিজনে বিষ্ণুক উপাসনা কৰে ।

উত্তৰঃ বৈষ্ণৱ ।

Scroll to Top