মানৱ সৃষ্ট পৰিৱেশ

১। কেৱল উত্তৰ লিখা-

(ক) পৰিবেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ পৰিবেশক ঘাইকৈ ২ টা ভাগত ভগাব পাৰি ।

(খ) মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে?

উত্তৰঃ মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক সম্পদ বোলে।

(গ) ভাৰত চৰকাৰৰ কোনটো মন্ত্রণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে।

উত্তৰঃ ভাৰত চৰকাৰৰ ‘শিক্ষা মন্ত্রণালয়ে’ দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা-চিতা কৰে।

(ঘ) ভূ-প্রকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে?

উত্তৰঃ ভূপ্ৰকৃতিৰ ভিত্তিত অসমক দুটা ভাগত ভগোৱা হৈছে।

(ঙ) উত্তৰ কাছাৰ পাৰ্বত্য জিলাক বর্তমান কি নামেৰে জনা যায়?

উত্তৰঃ উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বর্তমান ডিমা হাচাও নামেৰে জনা যায়।

২। খালী ঠাই পূৰ কৰা- 

(ক) শাৰীৰিক আৰু মানসিকভাবে কাম কৰিবলৈ সক্ষম ব্যক্তিক ____________ সম্পদ বোলে।

উত্তৰঃ মানৱ সম্পদ

(খ) আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ ___________ সম্পদ।

উত্তৰঃ শ্ৰেষ্ঠ সম্পদ

(গ) অসম দক্ষিণ ___________ মৌছুমী জলবায়ুৰ গতি পথত অৱস্থিত।

উত্তৰঃ পশ্চিম

(ঘ) অসমৰ কৃষি উৎপাদিত শস্যক _______________ প্রধান ভাগত ভাগ কৰিব পাৰি।

উত্তৰঃ তিনিটা

৩। শুদ্ধ উত্তৰটো বাছি লিখা –

(ক) মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ’ল গছ-গছনি/বাসগৃহ।

উত্তৰঃ বাসগৃহ।

(খ) জাপান পৃথিৱীৰ ভিতৰত উল্লেখযোগ্য উদ্যোগ প্রধান / কৃষি প্রধান দেশ।

উত্তৰঃ উদ্য়োগ প্ৰধান দেশ।

(গ) অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা চাকৰি/কৃষি।

উত্তৰঃ কৃষি।

(ঘ) পাহাৰীয়া অঞ্চলত জনবসতি ঘন/সেবেঙা।

উত্তৰঃ সেৰাঙা।

(ঙ) কাৰ্বি আংলং/উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা-হাছাও।

উত্তৰঃ উত্তৰ কাছাৰ পাৰ্বত্য় জিলা।

৪। শুদ্ধ-অশুদ্ধ লিখা-

(ক) মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়।

উত্তৰঃ শুদ্ধ।

(খ) প্রাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিবেশৰ উপাদান সমূহ সৃষ্টি কৰা হয়।

উত্তৰঃ শুদ্ধ।

(গ) মানৱ সৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল।

উত্তৰঃ শুদ্ধ।

(ঘ) শাৰীৰিক আৰু মানসিকভাবে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ।

উত্তৰঃ শুদ্ধ।

(ঙ) ভূ-প্রকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূ-খণ্ডত বিভক্ত কৰিব পাৰি।

উত্তৰঃ শুদ্ধ।

৫। চমু উত্তৰ লিখা- (৪০ টা মান শব্দৰ ভিতৰত)

(ক) সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা।

(খ) অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ।

৬। বহলাই লিখা- (৮০ টা মান শব্দৰ ভিতৰত)

(ক) মানৱ সৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদান সমূহ কি কি? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পর্কে লিখা।

(খ) কি কি কাৰণত অসমত বানপানী হয়? বানপানীৰ সৈতে সহাৱস্থান কৰাৰ ফলপ্ৰসু যুক্তি দি দুটা ব্যৱস্থা উল্লেখ কৰা।

Scroll to Top