সুস্বাস্থ্যৰ বাবে খাদ্য

অনুশীলনী – ১

1. তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা-

(a) জোৱাৰ, বজ্ৰা, ৰাগি আৰু বুট

উত্তৰঃ অমিল বস্তুবিধ হ’ল বুট ।

জোৱাৰ,বজ্ৰা আৰু ৰাগী হৈছে শস্যজাতীয় খাদ্য । আনহাতে বুট হৈছে মাহজাতীয় শস্য ।

(b) ৰাজমাহ, বুট, ছয়াবিন আৰু চাউল

উত্তৰঃ অমিল বস্তুবিধ হ’ল চাউল । ৰাজমাহ, বুট, আৰু ছয়াবিন প্ৰটিনযুক্ত খাদ্য। আনহাতে চাউল কাৰ্বহাইড্ৰেটযুক্ত খাদ্য।

2. ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্রণালীৰ তুলনা কৰা।

উত্তৰঃ পুৰণি ৰন্ধন প্ৰণালীত মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল। আধুনিক ৰন্ধন প্ৰণালীত বিভিন্ন সঁজুলি যেনে-গেছষ্টোভ, অ’ভেন, এয়াৰ ফ্ৰাইয়াৰ আদি ব্যৱহাৰ কৰা হয়। আনহাতে আধুনিক ৰন্ধন প্ৰণালীত মাটিৰ পাত্ৰৰ সলনি প্ৰেচাৰ কুকাৰ আদিৰ দৰে কম সময়ত ৰান্ধিব পৰা সঁজুলি ব্যৱহাৰ কৰা হয়। পুৰণি ৰন্ধন প্ৰণালীত খোৱাবস্তু বটিবলৈ শিল-পটা আৰু খুন্দিবলৈ উড়াল আৰু ঢেঁকী ব্যৱহাৰ কৰা হৈছিল আৰু বৰ্তমান বৈদ্যুতিক গ্রাইণ্ডাৰ ব্যৱহাৰ কৰা হয়।

3. সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদ যুক্ত নহয়। আলোচনা কৰা।

উত্তৰঃ কিছুমান খাদ্য অতি সোৱাদযুক্ত, কিন্তু আমাৰ শৰীৰৰ বাবে স্বাস্থ্যকৰ নহয়। যেনে: চিপচ, বাৰ্গাৰ, পিজ্জা, শীতল পানীয় আৰু মিঠাইৰ সোৱাদ সুস্বাদু। কিন্তু ইয়াত অত্যধিক তেল, চেনি বা নিমখ থাকে আৰু ইয়াত পুষ্টিকৰ উপাদান কম। সঘনাই খালে মেদবহুলতা বা দাঁতৰ ক্ষয়ৰ দৰে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। আনহাতে কিছুমান খাদ্য অতি পুষ্টিকৰ (স্বাস্থ্যৰ বাবে ভাল), কিন্তু সকলোৱেই হয়তো ইয়াৰ সোৱাদ ভাল নাপাব। যেনে: তিতা, কচু, ব্ৰকলি আৰু সিজোৱা শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে।

4. তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা?

(a) বটলত থকা ফলৰ ৰস

(b) সতেজ ফলৰ ৰস

(গ) সতেজ ফল

5. চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়’ডিন মিলালে নীলা-ক’লা বৰণৰ নহয়। ইয়াৰ সমর্থনত কাৰণ দশোৱা।

6. মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাবে গণ্য কৰা হৈছে। আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে? আলোচনা কৰা ।

Scroll to Top