ভূ-অৱয়ব আৰু মানুহ
অনুশীলনী – ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) পৃথিৱীৰ কোন অংশত প্রধান ভূ-অৱয়ববোৰ দেখা যায়?
উত্তৰঃ পৃথিৱীৰ ভূ-অৱয়ববোৰ মূলতঃ জলভাগ আৰু স্থলভাগত দেখা যায়।
(খ) স্থলভাগত পোৱা প্ৰধান ভূ-অৱয়ববোৰৰ নাম লিখা।
উত্তৰঃ স্থলভাগত থকা ভূ-অৱয়ববোৰ হ’ল- পৰ্বত-পাহাৰ, মালভূমি, সমভূমি আৰু উপত্যকা।
(গ) পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ পৰ্বত-পাহাৰত থিয় শিখৰ থাকে, আনহাতে মালভূমিৰ ওপৰভাগ বহল আৰু প্ৰায় সমতল।
(ঘ) সমভূমি কেনেকৈ গঠিত হয়?
উত্তৰঃ নৈ, জান-জুৰিৰ বোৱতী পানীয়ে উচ্চভূমিৰপৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। যুগ যুগ ধৰি চলি থকা এনে কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্রাপ্ত হৈ সমভূমিৰ সৃষ্টি হয়।
(ঙ) মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি?
উত্তৰঃ মালভূমিসমূহ খনিজ পদাৰ্থৰ ভঁৰাল। আগ্নেয়গিৰিৰপৰা নিৰ্গত লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয়।
(চ) পার্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা?
উত্তৰঃ পর্বত-পাহাৰ আদি উচ্চভূমিসমূহ সাধাৰণতে শিলাময় আৰু থিয় ঢালযুক্ত হয়। এইবোৰত কৃষিকার্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ। সেয়েহে এনে অঞ্চলবোৰত জনবসতি সেৰেঙা।
২. পৰ্বত-পাহাৰে মানুহক কিদৰে সহায় কৰে, বহলাই লিখা।
উত্তৰঃ মানুহৰ জীৱন-যাপনত পৰ্বতৰ বৰঙণি অলেখ। পর্বত-পাহাৰক মানুহৰ ব্যৱহাৰৰ উপযোগী পানীৰ ভঁৰাল বুলিও ক’ব পাৰি। দুশাৰী পৰ্বতৰ মাজেৰে বৈ অহা নৈত বান্ধ দিও কৃত্রিম জলাশয়ৰ সৃষ্টি কৰা হয়।পর্বত-পাহাৰবোৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰে অতি চহকী। পৰ্বত-পাহাৰত থকা অৰণ্যসমূহে ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি, খাদ্য, গৃহ নির্মাণ সামগ্রী, পশুখাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে। একোখন পৰ্বত আৰু তাত থকা উদ্ভিদে ওচৰ-পাজৰৰ বায়ুমণ্ডলৰ উত্তাপ, বতাহ, বৰষুণ আদি নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে।
৩. নদী, পাহাৰ আদি ভূ-অৱয়ব দেখুৱাই এখন ছবি আঁকা।
অনুশীলনী – 2
১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) জলমণ্ডল কাক বোলে?
উত্তৰঃ সাগৰ-মহাসাগৰ, উপসাগৰ, নদ-নদী, হ্রদ আদি সকলোকে একেলগে আমি জলভাগ বা জলমণ্ডল বুলি কোৱা হয়।
(খ) পৃথিৱীৰ গভীৰতম অংশৰ নাম কি?
উত্তৰঃ পৃথিৱীৰ গভীৰতম অংশৰ নাম হ’ল মেৰিয়ানা খাত।
(গ) সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা।
উত্তৰঃ সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হল- কাস্পিয়ান সাগৰ।
(ঘ) নদীৰ উৎস বুলিলে কি বুজা?
উত্তৰঃ যি ঠাইৰপৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে।
(ঙ) শাখা নৈ কি?
উত্তৰঃ এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলে ।
২) চমু টোকা লিখা-
(ক) সাগৰ-মহাসাগৰ
উত্তৰঃ মহাসাগৰবোৰৰ কিছুমান বিশেষ অংশক সাগৰ বুলি কোৱা হয়। এই অংশবোৰ সাধাৰণতে মহাদেশৰ গাতে লাগি থাকে, উদাহৰণস্বৰূপে, আৰৱ সাগৰ, বংগোপসাগৰ। কিছুমান সাগৰ আকৌ সম্পূৰ্ণ মহাদেশৰ ভিতৰভাগত অৱস্থিত, যেনে- কাস্পিয়ান সাগৰ, আৰল সাগৰ। সাগৰ-মহাসাগৰবোৰ নানা প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ ভঁৰাল। সাগৰ-মহাসাগৰত থকা প্ৰাণীবোৰৰ ভিতৰত তিমি মাছেই সৰ্ববৃহৎ। প্রশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ।
(খ) নদ- নদী
উত্তৰঃ ভূ-পৃষ্ঠত উচ্চভূমিৰপৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্রবাহিত হৈ থকা জলধাৰাক নদী বুলি কোৱা হয়। সাধাৰণতে বৰষুণ, বৰফগলা পানী আৰু ভূ-গৰ্ভৰপৰা নিগৰি অহা পানীয়ে নৈৰ সৃষ্টি কৰে। নদীৰ উৎস পৰ্বত-পাহাৰ, মালভূমিৰ দৰে উচ্চভূমি হ’ব পাৰে । যি ঠাইৰপৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে।
(গ) সিক্তভূমি বা আদ্ৰভূমি
(ঘ) হ্ৰদ
৩) মানুহৰ ওপৰত ভূ-অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা।