পানী

১। উত্তৰ দিয়া-

(ক) নৈ-বিল,জান-জুৰি, নলী-নাদ আদিৰ উপৰি পানী আৰু ক’ত ক’ত থাকে?

উত্তৰঃ নৈ-বিল,জান-জুৰি, নলী-নাদ আদিৰ উপৰি পানী আৰু সাগৰ- মহাসাগৰ, নদ-নদী, পুখুৰী, বৰষুণ, ভূ-পৃষ্ঠৰ তলত আদিত পানী থাকে।

২। উত্তৰ দিয়া-

(ক) আমি পানী ক’ত ক’ত পাওঁ?

উত্তৰঃ আমি পানী নৈ – বিল , জান- জুৰি, নলী – নাদ , কুঁৱা ,পুখুৰী আদিৰ পৰা পাওঁ।

(খ) পানী কি কি অৱস্থাত থাকে?

উত্তৰঃ পানী জুলীয়া,গোটা আৰু গেছীয় অৱস্থাত থাকে।

(গ) পানী উতলিলে কেনে শব্দ হয়?

উত্তৰঃ পানী উতলিলে বক্ বক্ শব্দ হয়।

(ঘ) পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়?

উত্তৰঃ পাহাৰৰ পৰা পানী বাগৰি আহিলে কুলু- কুলুকৈ শব্দ হয়।

৩। ‘মই য’তেই থাকোঁ তাৰেই আকাৰ লওঁ।’ -পাঠটোত পানীয়ে কি কি আকাৰ লোৱাৰ কথা কৈছে?

উত্তৰঃ পাঠটোত পানীয়ে প্ৰকাণ্ড আৰু ক্ষুদ্ৰ পাত্ৰৰ আকাৰ লয় বুলি কৈছে। কেতিয়াবা আকৌ ক্ষুদ্ৰ ছিদ্ৰৰ সুৰুঙাৰ আকৃতি লয়।

৪। তলৰ শব্দবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা-

শব্দ

অৰ্থ

আকাৰ

সূক্ষ্ম

ছিদ্ৰ

অবিৰাম

সুৰুঙা

ধৰা

 

উত্তৰঃ

শব্দ

অৰ্থ

আকাৰ

গঢ় 

সূক্ষ্ম

অতি সৰু

ছিদ্ৰ

 বিন্ধা 

অবিৰাম

 নেৰা – নেপেৰা 

সুৰুঙা

 জলঙা 

ধৰা

পৃথিৱী 

৫। উত্তৰ দিয়া-

(ক) পানী ভাপ হৈ ক’লৈ যায়?

উত্তৰঃ পানী ভাপ হৈ আকাশলৈ যায়।

(খ) পানী বৰষুণ হৈ ক’লৈ নামি আহে?

উত্তৰঃ পানী বৰষুণ হৈ ধৰালৈ নামি আহে।

৬। বাক্য ৰচনা কৰা-

(ক) অবিৰাম …………………………………

(খ) জান-জুৰি ………………………………..

(গ) কুলু-কুলু ………………………………….

(ঘ) সুৰুঙা ……………………………………………

(ঙ) ছিদ্র ……………………………………………… 

Scroll to Top