ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
১। চমু উত্তৰ লিখা-
(ক) আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা।
উত্তৰঃ লো তীখাৰ উদ্যোগ ।
(খ) এবিধ ইন্ধন খনিজৰ নাম লিখা।
উত্তৰঃ খাৰুৱা তেল।
(গ) ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা।
উত্তৰঃ মহাৰাষ্ট্ৰ।
(ঘ) ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যবহৃত পৰিবহণ সেৱা বিধৰ নাম লিখা।
উত্তৰঃ ৰেল পৰিবহন সেৱা ।
(ঙ) অসমত থকা আন্তর্জাতিক বিমান বন্দৰটিৰ নাম লিখা।
উত্তৰঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ ।
২। শুদ্ধ উত্তৰটো লিখা —
(ক) অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত —
(ক) তৃতীয়
(খ) দ্বিতীয়
(গ) প্ৰথম
উত্তৰঃ (গ) প্ৰথম।
(খ) ভাৰতত প্ৰথমে ৰেল চলিছিল —
(ক) ১৮৩৫ চনত
(খ) ১৯৩৫ চনত
(গ) ১৮৫৩ চনত
উত্তৰঃ (গ) ১৮৫৩ চনত।
(গ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল —
(ক) ১ নং ৰাষ্ট্ৰীয় ঘাইপথ।
(খ) ২ নং ৰাষ্ট্ৰীয় ঘাইপথ।
(গ) ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।
উত্তৰঃ (গ) ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।
(ঘ) ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ’ল —-
(ক) অসম
(খ) কেৰালা
(গ) অন্ধপ্ৰদেশ
উত্তৰঃ (খ) কেৰালা।
৩। উত্তৰ লিখা-
(ক) ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ কি কি? অসম কোনোবা খনিজ বলয়ত অন্তর্ভুক্ত হয়নে?
উত্তৰঃ ভাৰতৰ প্ৰধান খনিজ বলয়সমূহ হ’ল–
১। উত্তৰ-পূব উপদ্বীপীয় বলয় ছোটানাগপুৰ মালভূমি, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ।
২। মধ্য বলয় ছত্তিশগড়, অন্ধ প্ৰদেশ, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰ।
৩। দক্ষিণ বলয় – কৰ্ণাটক মালভূমি আৰু তামিলনাডু।
৪। দক্ষিণ-পশ্চিম বলয় – কৰ্ণাটক আৰু গোৱা।
৫। দক্ষিণ-পশ্চিম বলয় – কৰ্ণাটক আৰু গোৱা।
৬। উত্তৰ-পশ্চিম বলয় – আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্থান আৰু গুজৰাট।
৭। উত্তৰ-পূব তৈল বলয় – অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা।
অসমৰ বহ্মপুত্ৰ উপত্যকা উত্তৰ পূৱ তৈল বলয়ত অন্তৰ্ভুক্ত হৈ আছে ǀ
(খ) ভাৰতৰ পাঁচটা প্রধান লো-তীখা উদ্যোগৰ নাম।
উত্তৰঃ ভাৰতৰ পাঁচটা প্ৰধান লো-তীখা উদ্যোগৰ নাম হ’ল–
১। জামছেদপুৰৰ টাটা লো-তীখা উদ্যোগ
২। বার্ণপুৰ লো- তীখা উদ্যোগ
৩। ভদ্রাবতী বিশ্বেশ্বৰায় লো – তীখা উদ্যোগ
৪। ৰুৰকেল্লা তীখা উদ্যোগ
৫। ভিলাই তীখা উদ্যোগ
(গ) মুম্বাই-আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে?
উত্তৰঃ মুম্বাই আৰু আহমেদাবাদৰ বস্ত্ৰ শিল্পসমূহ প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে ǀ ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় ১০.৭৯% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয় ǀ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানী কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবেমুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠিছে ǀ
৪। বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ প্রয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনেধৰণে পৰিৱৰ্তন আনিছে লিখা।
৫। পৰিবহণ ব্যবস্থা দেশ এখনৰ সিৰা-উপসিৰাস্বৰূপ। কথাযাৰৰ সমৰ্থনত তিনিটা যুক্তি আগবঢ়োবা।
৬। ভূ-চিত্রাবলীৰ সহায়ত লিখা-
(ক) অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম।
(খ) ৰে’লপথে সংযোগ নকৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম।
(গ) ব্রহ্মহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম।
Updated on: 05/05/2025