শহা আৰু সিংহ

 পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

জীৱ-জন্তুবোৰে অৰণ্যৰপৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল?

(ক) অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে

(খ) মন্দমতিয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে

(গ) সিংহটোৱে শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে

(ঘ) হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে

উত্তৰঃ (খ) মন্দমতিয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে

মন্দমতিয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাঁপ দিছিল?

(ক) কুঁৱাটো ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে

(খ) কুঁৱাটোৰ ভিতৰত আন চাৰিটা শহা থকা বুলি ভবাৰ বাবে

(গ) ভোকত মন্দমতিৰ পেটে কাঁও-কাঁও কৰাৰ বাবে

(ঘ) কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে

উত্তৰঃ (ঘ) কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে

২। তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।

৩। ‘শহা আৰু সিংহ’ সাধুটো কোৱা।

৪। তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাওঁ আহা-

উত্তৰঃ

শব্দ

অৰ্থ

ক্ষুধা

ভোক

নিবাৰণ  

 বাধা কৰা, গুচোৱা কাৰ্য

প্ৰতিবিম্ব

ছাঁ, পানীত দেখা মানুহ বা বস্তুৰ ছবি

হাজিৰ

উপস্থিত

বন্ধক

অইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য

কেশৰ

সিংহৰ ডিঙিৰ দীঘল নোম

 নিস্তাৰ  

ৰক্ষা, উদ্ধাৰ

৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা-

(ক) অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে জধে-মধে বধ কৰিছিল?

উত্তৰঃ অৰণ্যৰ জীৱ-জন্তুবোৰ মন্দমতি নামৰ সিংহটোৱে জধে-মধে বধ কৰিছিল।

(খ) শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ পাঁচটা শহা অহা বুলি কৈছিল। দৰাচলতে । কেইটা শহা আহিছিল?

উত্তৰঃ শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ পাঁচটা শহা অহা বুলি কৈছিল। দৰাচলতে এটা শহা আহিছিল।

(গ) কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল?

উত্তৰঃ কুঁৱাৰ পানীত নিজৰ ছাঁটো দেখিয়েই তাক আন সিংহ বুলি ভাবি, মন্দমতিয়ে খঙতে কুঁৱাটোত জাঁপ মাৰিছিল।

৬। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা।

(ক) অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ’ব বুলি ভাবিছিল?

(খ) কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল?

(গ) সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই-বিনাই কি কথা কৈছিল?

(ঘ) কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিলনে? যদি নাছিল, মন্দমতিয়ে কিয় কুঁৱাটোত জাঁপ মাৰিছিল?

৭। কোনে, কাক আৰু কিয় কৈছিল লিখা।

(ক) “এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই-বই থাকিব পাৰিব।”

(খ) “কি! তাৰ ইমান সাহ্! এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব’ল। আজি মোৰ হাতৰপৰা সি কোনোমতেই নিস্তাৰ নাপাব।”

Scroll to Top