বায়ুমণ্ডলৰঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
১ । বায়ুমণ্ডল কাক বােলে ? তথ্যসহ ইয়াৰ গঠন সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে। অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হ’ল বায়ুমণ্ডল।
বায়ুমণ্ডলৰ গঠন : বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰ’জেন আৰু অক্সিজেনৰ প্রাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ নাইট্ৰ’জেন আৰু ২০.৯৪ শতাংশ অক্সিজেন (তালিকা ২.১)। অন্যান্য গেছবোৰৰ ভিতৰত আৰ্গন (০.৯৩ শতাংশ), কার্বন ডাই-অক্সাইড (০.০৩৬ শতাংশ) আৰু নিয়ন, হিলিয়াম, মিথেন, ক্রিপ্টন, হাইড্র’জেন, অ’জন, জেনন ইত্যাদি উল্লেখযোগ্য (০.০১৪ শতাংশ)।
বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ-

২। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি ? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা ।
উত্তৰঃ গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ দুটা স্তৰত বিভক্ত কৰিব পাৰি –
(ক) হমস্ফিয়েৰ (খ) হেটেৰস্ফিয়েৰ
হমস্ফিয়েৰঃ ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায়ে একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্নস্তৰটোক হ’ম’স্ফিয়েৰ বোলা হয়। উল্লেখযোগ্য যে ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ উচ্চতাৰ ভিতৰতেই বায়ুমণ্ডলত থকা উপাদানৰ মুঠ ভৰৰ প্ৰায় ৯৯ শতাংশ আছে। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে হ’ম’স্ফিয়েৰ স্তৰটোক পুনৰ ভূ-পৃষ্ঠব পৰা ক্ৰমে ট্রপ’স্ফিয়েৰ, স্ট্রেট’স্ফিয়েৰ আৰু মেছ’স্ফিয়েৰ হিচাপে বিভক্ত কৰা হৈছে।
হেটেৰস্ফিয়েৰঃ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰ’স্ফিয়েৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰ’জেন, অক্সিজেন, হিলিয়াম আৰু হাইড্র’জেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি চাৰিটা তৰপৰ সৃষ্টি কৰিছে।
৩ । উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি । চিত্রসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডল ৫ টা স্তৰত বিভক্ত কৰা হৈছে। এই স্তৰ কেইটা হৈছে—
(ক) ট্ৰপস্ফিয়েৰ (খ) ষ্ট্রেটস্ফিয়েৰ (গ) মেছ’স্ফিয়েৰ (ঘ) থাৰ্ম’স্ফিয়েৰ (ঙ) এক্সস্ফিয়েৰ।
ট্ৰপস্ফিয়েৰঃ ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ’ল ট্রপ’স্ফিয়েব বা ট্রপ’মণ্ডল। এই স্তৰটোৰ গড় উচ্চতা প্রায় ১২ কিলোমিটাৰ। অৱশ্যে এই উচ্চতা অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয়। বিষুৱীয় অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতা ১৬ কিলোমিটাৰ আৰু মেৰু অঞ্চলত ৮ কিলোমিটাৰ। উল্লেখযোগ্য যে বায়ুমণ্ডলৰ মুঠ গেছৰ প্রায় তিনি-চতুর্থাংশ আৰু প্রায় সম্পূর্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্রপ’স্ফিয়েৰতে আছে। বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া- কাৰ্য ( যেনে- মেঘ, বৰষুণ, ঘূৰ্ণিবতাহ, ধুমুহা, বৃষ্টি, আদি) এই স্তৰতে সংঘটিত হয় ।
ষ্ট্ৰেট’স্ফিয়েৰ: ট্রপ’স্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হ’ল স্ট্রেট’স্ফিয়েৰ বা স্তৰমণ্ডল। দৰাচলতে ট্রপ’স্ফিয়েৰ আৰু স্ট্রেট’স্ফিয়েৰ স্তৰ দুটাৰ মাজৰ সীমাটোকেই ট্রপ’পজ বুলি কোৱা হয়। মেঘ সৃষ্টিকে আদি কৰি কোনো ধৰণৰ বতৰজনিত কাৰ্যকলাপ, বায়ুমণ্ডলৰ এই স্তৰটোত দেখা নাযায়। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্রায় অনুভূমিক বাবে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে। বায়ুমণ্ডলৰ এই স্তৰটোতে অ’জন গেছৰ এটা স্তৰ আছে। অ’জন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত স্ট্রেট’স্ফিয়েৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায়।
মেছ’স্ফিয়েৰ : স্ট্রেট’স্ফিয়েবব ঊর্ধ্বসীমা অৰ্থাৎ স্ট্রেট’পজৰ ঠিক ওপৰৰ স্তৰটোকে মেছ’স্ফিয়েৰ বোলা হয়। এই স্তৰটো স্ট্রেট’পজৰ পৰা প্রায় ৩০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। এই স্তৰটোৰ প্রধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্রাস পায়।
থার্ম’স্ফিয়েৰ : মেছ’স্ফিয়েৰৰ ঊর্ধ্বসীমা অর্থাৎ মেছ’পজৰ ঠিক ওপৰৰ স্তৰটোক থার্ম’স্ফিয়েৰ বা তাপমণ্ডল বোলে। বায়ুমণ্ডলৰ এই স্তৰটো প্রায় ৮০ কিলোমিটাৰ উচ্চতাত থকা মেছ’পজৰ পৰা প্রায় ৪০০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। ই হেটেৰ’স্ফিয়েৰ স্তৰৰ নিম্নভাগত আছে। এই স্তৰত বায়ুৰ উষ্ণতা পুনৰ উচ্চতা বৃদ্ধিৰ লগে লগে ক্রমান্বয়ে বৃদ্ধি পায়। সেয়েহে বায়ুমণ্ডলৰ এই স্তবটোৰ নাম থার্ম’ স্ফিয়েৰ। এই স্তৰত বায়ুৰ উষ্ণতা প্রায় ১৬৫০° চেন্টিগ্রেড পর্যন্ত বৃদ্ধি পায় আৰু ইয়াত বায়ুৰ ঘনত্ব প্রায় শূন্যলৈ হ্রাস পায়। উল্লেখযোগ্য যে এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে। সেয়েহে এই স্তৰটোক আয়ন ‘স্ফিয়েৰ বুলিও কোৱা হয়। পৃথিৱীপৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ’ তৰংগও এই স্তৰৰ পৰা প্ৰতিফলিত হয়।
এক্সস্ফিয়েৰঃ থাৰ্ম’স্ফিয়েৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্স’স্ফিয়েৰ বোলা হয় । এই তাৰপটো বায়ুমণ্ডলৰ ৪০০ কি.মি. উচ্চতৰ পৰা প্ৰায় ১০০০ কি.মি. উচ্চতালৈ বিস্তৃত । এনে উচ্চতাত বায়ুৰ অণু-পৰমাণুৰ ঘনত্ব অতি নিম্ন হয় । কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল হয় ।বায়ুমণ্ডলৰ এই পৰ্যায়ত বায়ুৰ উষ্ণতা প্ৰায় ৫৫৫০° চেন্টিগ্ৰডলৈ বৃদ্ধি পায় ।
৪ । বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবােৰ উদাহৰণসহ আলােচনা কৰা।
উত্তৰঃ বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণ প্ৰধানকৈ দুটা – বায়ুৰ উষ্ণতা আৰু পৃথিৱীপৃষ্ঠৰ উচ্চতা।
(ক) বায়ুৰ উষ্ণতাঃ পথিৱীপৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে একে নহয়। এই তাপৰ মান মূলতঃ ঠাইখনৰ ভৌগোলিক অৱস্থান অৰ্থাৎ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰে। তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰো তাৰতম্য হয়। উত্তাপ বৃদ্ধি পালে বায়ু সম্প্ৰসাৰিত হয় আৰু বায়ু সম্প্ৰসাৰিত হ’লে ইয়াৰ ঘনত্ব হ্ৰাস পায়। ঘনত্ব হ্ৰাস পালে বায়ু পাতল হৈ পৰে। এনে পাতল বায়ুৰ চাপো কম হয়। আনহাতে, উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি। জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তেনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি। উষ্ণতা বেছি হ’লে বায়ুৰ চাপ হ্ৰাস পায়। সেই কাৰণেই বিষুৱ অঞ্চলৰ পৰা দুই মেৰু অঞ্চললৈ বায়ুৰ চাপৰ পৰিমাণ বৃদ্ধি হয়।
(খ) পৃথিৱীপৃষ্ঠৰ উচ্চতাঃ সমুদ্ৰপৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যোৱা হয় সিমানেই বায়ুমণ্ডলৰ গভীৰতা, অৰ্থাৎ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্ৰাস পায়। বায়ুমণ্ডলৰ গভীৰতা হ্ৰাস পালে ইয়াৰ ভৰ কম হয় আৰু ইয়াৰ ফলস্বৰূপে বায়ুৰ চাপো কম হয়। অৰ্থাৎ উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস পায় আৰু সেয়েহে যি ঠাইৰ উচ্চতা বেছি সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাই কম উচ্চতাত অৱস্থিত তেনে ঠাইত বায়ুমণ্ডলৰ চাপ তুলনামূলক ভাৱে বেছি। গতিকে ঠাইসমূহৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ তাৰতম্য হয়। উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰো হ্ৰাস-বৃদ্ধি হয়।
৫ । চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলােচনা কৰা।
উত্তৰঃ বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱীপৃষ্ঠত প্ৰধানকৈ চাৰিটা চাপবলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে- 
ক) নিৰক্ষীয় নিম্নচাপ বলয়ঃ বিষুর বেখা বা নিৰক্ষৰেখাৰ উত্তৰে ১০০ অক্ষাংশ আৰু দক্ষিণে ১০০ অক্ষাংশৰ মাজত প্রায় গোটেই বছৰ ধৰি সূৰ্যৰ ৰশ্মি লম্বভাবে পৰে। গতিকে এই অঞ্চলৰ বায়ু তুলনামূলকভাবে উত্তপ্ত হৈ থাকে বাবে ইয়াৰ বায়ু পাতল হয় আৰু ঘনত্ব হ্রাস পায়। ফলত এই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়। আনহাতে, এই অঞ্চলত স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি। লগতে উত্তাপ বেছি হোৱাৰ বাবে এই অঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়েহে এই অঞ্চলত বায়ুৰ চাপ হ্রাস পায়। এনে কাৰণতে নিৰক্ষীয় অঞ্চলত স্থায়ীভাবে বায়ুমণ্ডলৰ চাপ নিম্ন হৈ থাকে। নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊর্ধ্বগামী হয়।
খ) উপ-ক্ৰান্তীয় উচ্চচাপ বলয়ঃ এই বলয়টো উত্তৰ গোলাৰ্ধত ২৫°-৩৫° উত্তৰ অক্ষৰেখাৰ মাজত আৰু দক্ষিণ গোলাৰ্ধত ২৫°-৩৫° দক্ষিণ অক্ষৰেখাৰ মাজত অৱস্থিত। দুই মেৰু অঞ্চলৰ পৰাও শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। উত্তৰৰ কৰ্কটক্ৰান্তি আৰু দক্ষিণৰ মকৰক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। এই অঞ্চলত বায়ুৰ গতি প্ৰধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ বা বায়ুপ্ৰবাহ অনুভূত হয়। উপক্ৰান্তীয় উচ্চচাপ মণ্ডলটো ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ প্ৰসাৰিত হয়।
গ) উপ-মেৰুদেশীয় নিম্নচাপ বলয়ঃ এই বলয়টো উত্তৰ গোলাৰ্ধৰ ৬০° – ৭০° উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলাৰ্ধত ৬০০–৭০০ দক্ষিণ অক্ষাংশ মাজত অৱস্থিত। উপমেৰু অঞ্চলৰ বায়ু উপ-ক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু তেতিয়াই উপমেৰু অঞ্চল দুটাত বায়ুৰ পৰিমাণ হ্ৰাস পাই তাত নিম্নচাপৰ সৃষ্টি হয়। এই চাপমণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে।
ঘ) মেৰুদেশীয় উচ্চচাপ বলয়ঃ পোনপটীয়া সূৰ্য্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াত বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্ৰায় নাথাকেই। ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে।
৬ । পৃথিৱীত অনুকূল প্রাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পর্কে লিখা।
উত্তৰঃ বায়ুমণ্ডল পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটা অতি গুরুত্বপূর্ণ উপাদান। মাটি আৰু পানী অর্থাৎ অশ্মমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ কৰিছে। ইয়াকে জীৱজগত বা জীৱমণ্ডল বোলা হয়। জীৱজগতত থকা মানুহ আৰু উদ্ভিদ-প্ৰাণীৰ বাবে প্ৰয়োজনীয় গেছসমূহ যোগান ধৰাৰ উপৰি বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে। পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছসমূহ এক সঠিক অনুপাতত আছে বাবেই ভূপৃষ্ঠত মানুহ আৰু অন্যান্য জীৱৰ অনুকূল এক উষ্ণতা বিৰাজ কৰে। বায়ু গতিশীল হোৱা বাবে আকৌ বহু ঠাই অতিপাত ঠাণ্ডা আৰু গৰমৰ প্ৰকোপৰ পৰা কিছু হ’লেও সকাহ পায়। এই বায়ুমণ্ডলে জীৱৰ বাবে অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে। বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয়। বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু উদ্ভিদ-প্রাণী জীয়াই থাকে। মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্বৰ কথা ভাবিবই নোৱাৰি।
৭ । বায়ুপ্রবাহ কাক বােলে ? বায়ুপ্রবাহৰ উৎপত্তিৰ কাৰকসমূহ আলােচনা কৰা।
উত্তৰঃ সাধাৰণতে বায়ুমণ্ডলত বায়ু কেতিয়াও একেবাৰে স্থিৰ অৱস্থাত নাথাকে। বায়ুৱে গতি কৰিলেই ইয়াক বায়ুপ্রবাহ বোলা হয়।
বায়ুপ্ৰবাহৰ গতি আৰু দিশ নিৰ্ধাৰণ কৰা কাৰকসমূহ হ’ল–
(ক) চাপনতি শক্তি
(খ) মাধ্যাকৰ্ষণ শক্তি
(গ) অপকেন্দ্ৰিক শক্তি আৰু
(ঘ) ঘর্ষণ শক্তি
ক) চাপনতি শক্তিঃ ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হলে বায়ুপ্ৰবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হলে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্ৰবাহৰ দিশো নিৰ্ণয় কৰে। এখন অঞ্চলৰ চাপনতি অধ্যয়ন কৰিলেই তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পৰ্কে জানিব পাৰি। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হলে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অৱস্থা বিৰাজ কৰে। আনহাতে চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ুপ্ৰবাহ প্ৰায় শূণ্য হয় আৰু বায়ুমণ্ডলীয় অবস্থা শান্ত হয়।
খ) মাধ্যাকৰ্ষণ শক্তিঃ বায়ুপ্ৰবাহৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ কোনো বিশেষ ভূমিকা নোহোৱা যেন লাগে। কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকৰ্ষণেও বায়ুপ্ৰবাহত এক চালিকা শক্তিৰ কাম কৰে। দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্ৰ বায়ুমণ্ডলখনকেই পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। তাৰোপৰি বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকৰ্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকৰ্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্ৰাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুচাপ হ্ৰাস পায়। এইদৰেই বায়ুমণ্ডলত উচ্চচাপৰ পৰা নিম্ন চাপলৈ এক উল্লম্বিক বায়ুপ্ৰবাহো চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অবয়ৱৰ উচ্চতাৰ তাৰতম্যৰ বাবে এইদৰেই চাপৰ পাৰ্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ুপ্ৰবাহ চলে। তাৰোপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকৰ্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰবাহিত বায়ুৰ গতি সম্পুৰ্ণ সৰলৰৈখিক নহৈ কিছু বক্ৰাকাৰ হয়।
গ) অপকেন্দ্ৰিক শক্তিঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্ৰিক শক্তি বোলা হয় । এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্ৰথমে গেচ্ পাৰ্ড ডি কোৰিওলিচ নামৰ ফৰাছী গণিতজ্ঞ এজনে উদঘাটন কৰা বাবে এই শক্তিটোক ‘কোৰিওলিচ বল’ হিচাপে জনাজাত। বতাহৰ লগতে কোৰিওলিচ বলৰ প্ৰভাৱ ভূপৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰতো একেই। অৱেশ্যে কোৰিওলিচ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে একে নহয়। এই বলৰ মান বিষুৱৰেখাত শূন্য আৰু ই মেৰুৰফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সৰ্বোচ্চ হয়। অৰ্থাৎ বিষুবীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইৰ বায়ুপ্ৰবাহক পৃথিৱীৰ আবৰ্তন গতিয়ে প্ৰভাৱান্তিত কৰে। সেয়ে ক’ব পাৰি যে আমি দেখা বায়ুপ্ৰবাহ প্ৰকৃততে ঘূৰ্ণায়মান পৃথিৱীৰ পৰিপ্ৰেক্ষিততহে উদ্ভৱ হৈছে।
ঘ) ঘৰ্ষণ শক্তিঃ বায়ুপ্ৰবাহত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বতাহৰ গতিবেগত ঘৰ্ষণ শক্তিয়ে ঋণাত্মকভাৱে ক্ৰিয়া কৰে। যদি ভূ-পৃষ্ঠ পৰ্বত-পাহাৰ-ভৈয়ামৰ খলা-বমাৰে পূৰ্ণ বা গছ-গছনি, সুউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘৰ্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠইদি বায়ুপ্ৰবাহ হ’লে গতিবেগ যথেষ্ট হ্ৰাস পায়। সেয়েহে ভূ-পৃষ্ঠৰ কিছু ওপৰেদি বায়ু প্ৰবাহ হ’লে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগো বাঢ়ে। ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়।
৮ । বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণটো কি ? ইয়াৰ গতি আৰু দিশ নির্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা।
উত্তৰঃ বায়ুপ্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো হ’ল চাপনতি শক্তি । এই চাপনতিয়েই প্ৰথমে বতাহৰ দিশ আৰু গতিবেগ নিৰ্ধাৰণ কৰে।
বায়ুপ্ৰবাহৰ গতি আৰু দিশ নিৰ্ধাৰণ কৰা কাৰকসমূহ হ’ল –

৯ । ‘কোৰিওলিচ বল’ বুলিলে কি বুজায় ? বতাহৰ গতিদিশ নির্ধাৰণত ইয়াৰ ভূমিকা চিত্রসহ চমুকৈ বর্ণনা কৰা।
উত্তৰঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্রিক শক্তি বোলা হয়। এই অপকেন্দ্রিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্রথমে গেস্পার্ড ডি কোৰিওলিচ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদঘাটন কৰা বাবে এই শক্তিটোক ‘কোৰিওলিচ বল’হিচাপে জনাজাত।

বতাহৰ গতিদিশ নিৰ্ধাৰণ ‘কোৰিওলিচ বলৰ’ ভূমিকাঃ বায়ুমণ্ডলীয় চাপৰ পার্থক্যৰ বাবে যেতিয়া উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বতাহ বলে তেতিয়া এই কোৰিওলিচৰ বলে সেই বতাহৰ দিশ কিছু সলনি কৰে। মন কৰিবলগীয়া যে বতাহৰ লগতে কোৰিওলিচ বলৰ প্ৰভাৱ ভূ-পৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰতো একেই। পৃথিৱীৰ আবৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্রবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলার্ধৰ বায়ুপ্রবাহক ঘড়ীৰ কঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে । ইয়াকে ফেৰেলৰ সূত্র বুলি কোৱা হয়। এই সূত্র অনুসৰি উত্তৰ গোলার্ধৰ মেৰুমুখী বতাহ আপেক্ষিকভাবে উত্তৰ পূবমুৱা হয়। অৱশ্যে কোৰিওলিচ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে একে নহয়। এই বলৰ মান বিষুৱৰেখাত শূণ্য আৰু ই মেৰুৰফালে ক্রমান্বয়ে বৃদ্ধি পাই অৱশেষত মেঝত সর্বোচ্চ হয়। অর্থাৎ বিষুবীয় অঞ্চলৰ বাহিৰে পৃথিৱীৰ যিকোনো ঠাইৰ বায়ুপ্রবাহক পৃথিবীৰ আবর্তন গতিয়ে প্রভাৱান্বিত কৰে। সেয়ে আমি দেখা বায়ুপ্রবাহ প্রকৃততে ঘূর্ণায়মান পৃথিৱীৰ পৰিপ্ৰেক্ষিততহে উদ্ভৱ হৈছে।
১০ । ‘চাপনতি শক্তি’ বুলিলে কি বুজায় ? বায়ুপ্রবাহত ইয়াৰ ভূমিকা কি ?
১১ । বায়ুপ্রবাহত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা সম্পর্কে চমুকৈ লিখা ।
১২ । বতাহৰ নামকৰণ বুলিলে কি বুজায় ? এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হ’য় ?
১৩ । বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় ? ইয়াৰ গতিবেগৰ এককবােৰ কি ?
১৪ । বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয় ? উদাহৰণসহ চমুকৈ আলােচনা কৰা ।
১৫ । প্রাথমিক বায়ুপ্রবাহ বুলিলে কি বুজায় ? এখন চিত্ৰত প্রাথমিক বায়ুপ্রবাহৰ বিতৰণ দেখুওৱা । ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
১৬ । গৌণ বতাহ কাক বােলে ? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নির্ধাৰণত ইয়াৰ ভূমিকা বর্ণনা কৰা ।
১৭ । স্থানীয় বতাহ কাক বােলে ? স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায় । উদাহৰণসহ চমুকৈ আলােচনা কৰা ।
১৮ । ‘ঘূর্ণীবতাহ’ কাক বােলে ? ই কেইপ্রকাৰৰ আৰু কি কি ? এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা ।
১৯ । ‘বায়ুৰাশি’ কাক বােলে ? ইয়াক কেনেকৈ শ্রেণীবিভাজন কৰা হয় ? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি ?
২০ । ‘বাতাগ্র’ বুলিলে কি বুজায় ? ই কেনেকৈ সৃষ্টি হয় ? জলবায়ু আৰু বাতাগ্ৰৰ সম্পর্ক চমুকৈ আলােচনা কৰা ।
২১ । ‘মৌচুমী’ বতাহ বুলিলে কি বুজায় ? ই কেনেকৈ সৃষ্টি হয় ? ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবােৰ অঞ্চলত সুস্পষ্ট?
Updated on: 08/11/2025