বায়ুমণ্ডলৰঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
১ । বায়ুমণ্ডল কাক বােলে ? তথ্যসহ ইয়াৰ গঠন সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে। অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হ’ল বায়ুমণ্ডল।
বায়ুমণ্ডলৰ গঠন : বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰ’জেন আৰু অক্সিজেনৰ প্রাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ নাইট্ৰ’জেন আৰু ২০.৯৪ শতাংশ অক্সিজেন (তালিকা ২.১)। অন্যান্য গেছবোৰৰ ভিতৰত আৰ্গন (০.৯৩ শতাংশ), কার্বন ডাই-অক্সাইড (০.০৩৬ শতাংশ) আৰু নিয়ন, হিলিয়াম, মিথেন, ক্রিপ্টন, হাইড্র’জেন, অ’জন, জেনন ইত্যাদি উল্লেখযোগ্য (০.০১৪ শতাংশ)।
বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ-
২। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি ? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা ।
উত্তৰঃ গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ দুটা স্তৰত বিভক্ত কৰিব পাৰি –
(ক) হমস্ফিয়েৰ (খ) হেটেৰস্ফিয়েৰ
হমস্ফিয়েৰঃ ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায়ে একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্নস্তৰটোক হ’ম’স্ফিয়েৰ বোলা হয়। উল্লেখযোগ্য যে ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ উচ্চতাৰ ভিতৰতেই বায়ুমণ্ডলত থকা উপাদানৰ মুঠ ভৰৰ প্ৰায় ৯৯ শতাংশ আছে। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্যৰ পাৰ্থক্যৰ বাবে হ’ম’স্ফিয়েৰ স্তৰটোক পুনৰ ভূ-পৃষ্ঠব পৰা ক্ৰমে ট্রপ’স্ফিয়েৰ, স্ট্রেট’স্ফিয়েৰ আৰু মেছ’স্ফিয়েৰ হিচাপে বিভক্ত কৰা হৈছে।
হেটেৰস্ফিয়েৰঃ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰ’স্ফিয়েৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰ’জেন, অক্সিজেন, হিলিয়াম আৰু হাইড্র’জেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি চাৰিটা তৰপৰ সৃষ্টি কৰিছে।
৩ । উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি । চিত্রসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডল ৫ টা স্তৰত বিভক্ত কৰা হৈছে। এই স্তৰ কেইটা হৈছে—
(ক) ট্ৰপস্ফিয়েৰ (খ) ষ্ট্রেটস্ফিয়েৰ (গ) মেছ’স্ফিয়েৰ (ঘ) থাৰ্ম’স্ফিয়েৰ (ঙ) এক্সস্ফিয়েৰ।
ট্ৰপস্ফিয়েৰঃ ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ’ল ট্রপ’স্ফিয়েব বা ট্রপ’মণ্ডল। এই স্তৰটোৰ গড় উচ্চতা প্রায় ১২ কিলোমিটাৰ। অৱশ্যে এই উচ্চতা অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয়। বিষুৱীয় অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতা ১৬ কিলোমিটাৰ আৰু মেৰু অঞ্চলত ৮ কিলোমিটাৰ। উল্লেখযোগ্য যে বায়ুমণ্ডলৰ মুঠ গেছৰ প্রায় তিনি-চতুর্থাংশ আৰু প্রায় সম্পূর্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্রপ’স্ফিয়েৰতে আছে। বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া- কাৰ্য ( যেনে- মেঘ, বৰষুণ, ঘূৰ্ণিবতাহ, ধুমুহা, বৃষ্টি, আদি) এই স্তৰতে সংঘটিত হয় ।
ষ্ট্ৰেট’স্ফিয়েৰ: ট্রপ’স্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হ’ল স্ট্রেট’স্ফিয়েৰ বা স্তৰমণ্ডল। দৰাচলতে ট্রপ’স্ফিয়েৰ আৰু স্ট্রেট’স্ফিয়েৰ স্তৰ দুটাৰ মাজৰ সীমাটোকেই ট্রপ’পজ বুলি কোৱা হয়। মেঘ সৃষ্টিকে আদি কৰি কোনো ধৰণৰ বতৰজনিত কাৰ্যকলাপ, বায়ুমণ্ডলৰ এই স্তৰটোত দেখা নাযায়। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্রায় অনুভূমিক বাবে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে। বায়ুমণ্ডলৰ এই স্তৰটোতে অ’জন গেছৰ এটা স্তৰ আছে। অ’জন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত স্ট্রেট’স্ফিয়েৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায়।
মেছ’স্ফিয়েৰ : স্ট্রেট’স্ফিয়েবব ঊর্ধ্বসীমা অৰ্থাৎ স্ট্রেট’পজৰ ঠিক ওপৰৰ স্তৰটোকে মেছ’স্ফিয়েৰ বোলা হয়। এই স্তৰটো স্ট্রেট’পজৰ পৰা প্রায় ৩০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। এই স্তৰটোৰ প্রধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্রাস পায়।
থার্ম’স্ফিয়েৰ : মেছ’স্ফিয়েৰৰ ঊর্ধ্বসীমা অর্থাৎ মেছ’পজৰ ঠিক ওপৰৰ স্তৰটোক থার্ম’স্ফিয়েৰ বা তাপমণ্ডল বোলে। বায়ুমণ্ডলৰ এই স্তৰটো প্রায় ৮০ কিলোমিটাৰ উচ্চতাত থকা মেছ’পজৰ পৰা প্রায় ৪০০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। ই হেটেৰ’স্ফিয়েৰ স্তৰৰ নিম্নভাগত আছে। এই স্তৰত বায়ুৰ উষ্ণতা পুনৰ উচ্চতা বৃদ্ধিৰ লগে লগে ক্রমান্বয়ে বৃদ্ধি পায়। সেয়েহে বায়ুমণ্ডলৰ এই স্তবটোৰ নাম থার্ম’ স্ফিয়েৰ। এই স্তৰত বায়ুৰ উষ্ণতা প্রায় ১৬৫০° চেন্টিগ্রেড পর্যন্ত বৃদ্ধি পায় আৰু ইয়াত বায়ুৰ ঘনত্ব প্রায় শূন্যলৈ হ্রাস পায়। উল্লেখযোগ্য যে এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে। সেয়েহে এই স্তৰটোক আয়ন ‘স্ফিয়েৰ বুলিও কোৱা হয়। পৃথিৱীপৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ’ তৰংগও এই স্তৰৰ পৰা প্ৰতিফলিত হয়।
এক্সস্ফিয়েৰঃ থাৰ্ম’স্ফিয়েৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্স’স্ফিয়েৰ বোলা হয় । এই তাৰপটো বায়ুমণ্ডলৰ ৪০০ কি.মি. উচ্চতৰ পৰা প্ৰায় ১০০০ কি.মি. উচ্চতালৈ বিস্তৃত । এনে উচ্চতাত বায়ুৰ অণু-পৰমাণুৰ ঘনত্ব অতি নিম্ন হয় । কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল হয় ।বায়ুমণ্ডলৰ এই পৰ্যায়ত বায়ুৰ উষ্ণতা প্ৰায় ৫৫৫০° চেন্টিগ্ৰডলৈ বৃদ্ধি পায় ।
৪ । বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবােৰ উদাহৰণসহ আলােচনা কৰা ।
৫ । চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলােচনা কৰা ।
৬ । পৃথিৱীত অনুকূল প্রাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পর্কে লিখা ।
৭ । বায়ুপ্রবাহ কাক বােলে ? বায়ুপ্রবাহৰ উৎপত্তিৰ কাৰকসমূহ আলােচনা কৰা ।
৮ । বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণটো কি ? ইয়াৰ গতি আৰু দিশ নির্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা ।
৯ । ‘কোৰিওলিচ বল’ বুলিলে কি বুজায় ? বতাহৰ গতিদিশ নির্ধাৰণত ইয়াৰ ভূমিকা চিত্রসহ চমুকৈ বর্ণনা কৰা ।
১০ । ‘চাপনতি শক্তি’ বুলিলে কি বুজায় ? বায়ুপ্রবাহত ইয়াৰ ভূমিকা কি ?
১১ । বায়ুপ্রবাহত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা সম্পর্কে চমুকৈ লিখা ।
১২ । বতাহৰ নামকৰণ বুলিলে কি বুজায় ? এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হ’য় ?
১৩ । বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় ? ইয়াৰ গতিবেগৰ এককবােৰ কি ?
১৪ । বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয় ? উদাহৰণসহ চমুকৈ আলােচনা কৰা ।
১৫ । প্রাথমিক বায়ুপ্রবাহ বুলিলে কি বুজায় ? এখন চিত্ৰত প্রাথমিক বায়ুপ্রবাহৰ বিতৰণ দেখুওৱা । ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
১৬ । গৌণ বতাহ কাক বােলে ? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নির্ধাৰণত ইয়াৰ ভূমিকা বর্ণনা কৰা ।
১৭ । স্থানীয় বতাহ কাক বােলে ? স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায় । উদাহৰণসহ চমুকৈ আলােচনা কৰা ।
১৮ । ‘ঘূর্ণীবতাহ’ কাক বােলে ? ই কেইপ্রকাৰৰ আৰু কি কি ? এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা ।
১৯ । ‘বায়ুৰাশি’ কাক বােলে ? ইয়াক কেনেকৈ শ্রেণীবিভাজন কৰা হয় ? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি ?
২০ । ‘বাতাগ্র’ বুলিলে কি বুজায় ? ই কেনেকৈ সৃষ্টি হয় ? জলবায়ু আৰু বাতাগ্ৰৰ সম্পর্ক চমুকৈ আলােচনা কৰা ।
২১ । ‘মৌচুমী’ বতাহ বুলিলে কি বুজায় ? ই কেনেকৈ সৃষ্টি হয় ? ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবােৰ অঞ্চলত সুস্পষ্ট?