ভিন ভিন প্ৰাণী
১। উত্তৰ লিখা-
(ক) মানুহক কিয় সৰ্বভোজী প্ৰাণী বোলে ?
উত্তৰঃ মানুহে খাদ্যৰ বাবে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে । সেইবাবে মানুহক সৰ্বভোজী প্ৰাণী বোলা হ’য় ।
(খ) মাংসভোজী প্ৰাণী কাক বোলে ?
উত্তৰঃ যিবোৰ প্ৰাণীয়ে মাংস খায় জীয়াই থাকে তেনে প্রাণীবোৰকে মাংসভোজী প্রাণী বোলে।
(গ) তৃণভোজী প্ৰাণী কাক বোলে ?
উত্তৰঃ যিবোৰ প্ৰাণীয়ে ঘাঁহ-বন, গছৰ পাত আদি খায় জীয়াই থাকে, তেনে প্ৰাণীবোৰক তৃণভোজী প্ৰাণী বোলে।
(ঘ) প্ৰাণীক বাসস্থানৰ কিয় প্ৰয়োজন ?
উত্তৰঃ ৰ’দ, বতাহ, বৰষুণ আৰু হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰাণীক বাসস্থানৰ প্ৰয়োজন।
(ঙ) ভেকুলীয়ে কেনেকৈ পোক-পৰুৱা ধৰি খায় ?
উত্তৰঃ ভেকুলীয়ে নিজৰ জিভাৰ সহায়ত পোক-পৰুৱা ধৰি খায় কাৰণ ভেকুলীৰ জিভা দীঘল, মুখৰ সন্মুখত লাগি থকা।
(চ) প্ৰাণীক আহাৰৰ কিয় প্ৰয়োজন?
উত্তৰঃ প্ৰাণীৰ দেহ গঠন হ’বলৈ আহাৰৰ প্ৰয়োজন লগতে প্রাণী জীয়াই থাকিবলৈ আৰু শক্তি পাবলৈ আহাৰৰ প্ৰয়োজন।
(ছ) টোকোৰা চৰায়ে কেনেকৈ বাহ সাজে ?
উত্তৰঃ টোকোৰা চৰায়ে কেঁচা দীঘল বন, নাৰিকল, খেজুৰ, কলগছৰ আদিৰ পাতৰ আঁহডালৰ গুৰিটো খামুচি ধৰি ঠোঁটেৰে আঁহডাল পকাই পকাই মিহিকৈ বাহটো সাজে।
(জ) মাছে কোন কোন ঠাইত বাসস্থান হিচাপে ব্যৱহাৰ কৰে ?
উত্তৰঃ কিছুমান মাছ পানীত থকা জোপোহা উদ্ভিদ, মেটেকা আদিত বাস কৰে। শিঙি, মাগুৰ, কুচিয়া, চেঙেলি আদি মাছ গাঁতত সোমাই থাকে। নদীত থকা শিলঘৰীয়া মাছে শিলৰ ফাঁকত আশ্ৰয় লয়।
(ঝ) পৰিভ্ৰমী চৰাই বোৰে কিয় দেশ-বিদেশ ঘূৰি ফুৰে ?
উত্তৰঃ পৰিভ্ৰমী চৰাই বোৰ দেশ-বিদেশ ঘূৰি ফুৰে কাৰণ- ইহঁতে খাদ্য়ৰ সন্ধানত নাইবা নিজে বসবাস কৰা অঞ্চলৰ অতিপাত গৰম নাইবা শীতৰ প্ৰকোজ সহ্য় নোৱাৰি দেশ-বিদেশে ঘূৰি ফুৰে।
২। শুদ্ধ উত্তৰটো বাটি উলিওৱা-
(ক) টুনী/কুলি/বুলবুলী চৰায়ে বাহ নাসাজে।
উত্তৰঃ কুলি চৰায়ে বাহ নাসাজে।
(খ) ধৃতৰাজ/বুলবুলী/ময়ূৰ এবিধ পৰিভ্ৰমী চৰাই।
উত্তৰঃ ধৃতৰাজ এবিধ পৰিভ্ৰমী চৰাই।
৩। খালী ঠাই পূৰ কৰা-
(ক) দেশ-বিদেশৰ পৰা অসমলৈ পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক ________ বোলে।
উত্তৰঃ পৰ্যটক।
(খ) হাঁহৰ ঠোঁট ______ আৰু ______।
উত্তৰঃ বহল, চেপেটা।
(গ) বাহ সজাত পাৰ্গত বাবে টোকোৰা চৰাইক _______ বুলিও কয়।
উত্তৰঃ শিপিনী চৰাই।
৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
উত্তৰঃ
‘ক’ | ‘খ’ |
কণামুচৰিয়ে | মাছ খায়। |
চিলনীয়ে | মাংস খায়। |
হাঁহে | শামুক খায়। |
ভাটৌৱে | ফলমূল খায়। |