পখী আৰু মানুহ
উত্তৰ দিয়া-
(ক) সর্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল?
উত্তৰঃ সর্বধনু এজন চিকাৰপ্ৰিয় ৰজা আছিল।
(খ) সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল?
উত্তৰঃ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল – চৰাইৰ মঙহ।
(গ) সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে?
উত্তৰঃ সাধুটোত চৰাই- চিৰিকটিক মানুহৰ উপকাৰী প্ৰাণী বুলি কোৱা হৈছে।
(ঘ) মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি?
উত্তৰঃ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী।
(ঙ) মধুকৰে ৰজাক ৰাইজৰ মংগলৰ ববে কি কৰিবলৈ উপদেশ দিছিল?
উত্তৰঃ মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই-চিৰিকটি চিকাৰ নকৰিবলৈ উপদেশ দিছিল।
কোনে, কাক, কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা।
(ক) ‘আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ ববে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক।’
উত্তৰঃ উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল। সৰ্বধনু এজন চিকাৰ প্ৰিয় ৰজা আছিল আৰু চৰাই মঙহ নোহোৱাকৈ তেওঁ ভাতেই নাখাইছিল। তেওঁ সদায় কপৌ, শালিকা, বগলী আদি চৰাইবোৰ চিকাৰ কৰিছিল। এই কামবোৰ মধুকৰৰ উচিত লগা নাছিল। পখীকুল মানুহৰ বাবে অতি উপকাৰী। শালিকাৰ নিচিনা চৰাইবোৰেই পথাৰৰ শইচ নষ্ট কৰিব পৰা কীট-পতংগবোৰ ধৰি খাই খেতি-বাতি ৰক্ষা কৰে। গতিকে প্ৰজাৰ মংগলৰ কথা চিন্তা কৰি মধুকৰে উক্ত কথাষাৰ কৈছিল।
(খ) ‘ এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন – পালন কৰিব ।
উত্তৰঃ “এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন-পালন কৰিব।” উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিল। সৰ্বধনুৰ ৰাজ্যত দুর্ভিক্ষই দেখা দিয়াত ৰজাই ভিক্ষা খুজি খুজি এদিন মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিলগৈ। তেতিয়া মধুকৰে সৰ্বধনুক চিনি পাই নিজৰ ৰাজকাৰেঙলৈ আদৰি-সাদৰি নি নিজৰ পৰিচয় দিছিল আৰু সৰ্বধনুৰ ৰাজ্যত পুনৰ ৰাইজৰ মংগলৰ হেতু এজাক চৰাই উপহাৰ দি এই কথাষাৰ কৈছিল।
কাৰণ দৰ্শাই লিখা-
(ক) সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ’ল?
(খ) কীট – পতংগ ৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে?
(গ) মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল?
ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? তাৰ পাছত তেওঁৰ কি হৈছিল বুজায় লিখা।
তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা।
(ক) সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল l
(খ) ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱক জনক খং কৰা নাছিল।
(গ) কীট – পতংগবোৰে খেতি – বাতি ৰক্ষা কৰে।
(ঘ) ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে।