কলা
1. কলা কি?
উত্তৰঃ নির্দিষ্ট একোটা কাম কৰা একে উৎপত্তি, গঠন আৰু আকৃতিযুক্ত কোষৰ সমষ্টিকে কলা বোলা হয়।
2. বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি?
প্ৰশ্নাৱলী-
1. বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা।
উত্তৰঃ বিভিন্ন প্ৰকাৰৰ সৰল কলা সমূহৰ নাম হ’ল – (i) পেৰেণকাইমা (ii) কলেইনকাইমা আৰু (iii) স্কেৰেণকাইমা।
2. অগ্রন্থ ভাজক কলা ক’ত পোৱা যায় ?
উত্তৰঃ অগ্ৰস্থ ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত পোৱা যায়।
3. কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে?
উত্তৰঃ স্কেৰেণকাইনা।
4. ফ্লোৱেম কলা কিহেৰে গঠিত?
উত্তৰঃ ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত। যেনে- (i) চালনী নলীকা (ii) সংগী কোষ (ii) ফ্লোৱেম তন্তু আৰু (v) ফ্লোৱেম পেৰেণকাইমা।
প্রশ্নাৱলী-
1. প্রাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি ?
উত্তৰঃ স্নায়ুকলা আৰু পেশীকলা।
2. নিউৰন (Neuron) দেখাত কেনেকুৱা হয় ?
উত্তৰঃ নিউৰন প্রধানতঃ কোষদেহ আৰু স্নায়ুপ্রবর্ধৰ দ্বাৰা গঠিত। কোষদেহত এটা ডাঙৰ কোষকেন্দ্র থাকে। কোষকেন্দ্রটো কোষদেহত থকা কোষপ্রৰসত উপঙি থাকে। দেহকোষৰ পৰা এডাল দীঘল, নলীসদৃশ চাইট ‘প্লাজমৰ স্নায়ু প্রবর্ধ ওলায়। ইয়াক এক্সন বোলে। ইয়াৰ উপৰি দেহকোষৰ পৰা কিছুমান চুটি আৰু শাখা-প্রশাখাযুক্ত স্নায়ুপ্রবদ্ধৰ্দ্ধ ওলায়। এইবোৰক ডেনড্রাইড বোলে । এটা নিউৰণ প্রায় 1 মিটাৰ পর্যন্ত দীঘল হয় ।
3. হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ হৃদপেশীৰ তিনিটা বৈশিষ্ট্য হ’ল-
(a) এই পেশীৰ কোষবোৰ দীঘলীয়া, চুঙা আকৃতিৰ।
(b) এইবোৰ অনৈচ্ছিক পেশী।
(c) এই পেশীৰ কোষত এটা মাত্র কোষকেন্দ্র থাকে।
4. এৰিওলাৰ কলাৰ কাৰ্য্যসমূহ কি কি?
উত্তৰঃ এৰিওলাৰ কলাই আভ্যন্তৰীন অংগবোৰক সুৰক্ষা প্রদান কৰে। ইয়াৰ উপৰি ইহঁতে কলাৰ ক্ষত অংশ মেৰামতি কৰে।
অনুশীলনী-
1. ‘কলা’ৰ সংজ্ঞা দিয়া।
উত্তৰঃ কলা হ’ল একে গঠন আৰু কার্য কৰা কোষৰ সমষ্টি।
2. কি কি উপাদানেৰে জাইলেম কলাবিলাক গঠিত? নাম লিখা।
উত্তৰঃ জাইলেম কলা গঠন কৰা উপাদানসমূহ হ’ল – ট্রেকাইড, নলীকা, জাইলেম পেৰেণুকাইমা, জাইলেম তন্তু।
3. উদ্ভিদৰ সৰল কলা জটিল কলাতকৈ কেনেদৰে পৃথক?
4. কোষবেৰৰ ওপৰত ভিত্তি কৰি পেৰেণকাইমা, কলেনকাইমা আৰু স্কেলৰেণকাইমা মাজত থকা পাৰ্থক্য দাঙি ধৰা।
5. পত্ৰৰন্ধ্ৰৰ কাৰ্যবিলাক কি কি?
10. চিত্ৰৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পেশীতন্ত্ৰসমূহৰ মাজত পাৰ্থক্য দেখুওৱা।
12. গঠন আৰু অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰেখিত পেশী, অৰেখিত পেশী আৰু হৃদপেশীৰ মাজত পাৰ্থক্য নির্ণয় কৰা।
13. এটা আদর্শ স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা।
14. তলত দিয়া সমূহৰ কলাৰ নাম লিখাঃ
(a) আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত ?
উত্তৰঃ আচ্ছাদক কলা।
(b) পেশী আৰু অস্থিক কি কলাৰে সংযোজন কৰিছে?
উত্তৰঃ টেণ্ডন।
(c) উদ্ভিদত কি কলাৰে খাদ্য পৰিবহন কৰে?
উত্তৰঃ ফ্লোৱেম।
(d) আমাৰ দেহৰ চৰী থকা সংযোজক কলাবিধৰ নাম কি?
উত্তৰঃ মেদকলা।
(e) জুলীয়া মেট্রিক্স থকা সংযোজক কলাবিধৰ নাম কি?
উত্তৰঃ তেজ।
(f) মগজুত কি কলা থাকে?
উত্তৰঃ স্নায়ু কলা।
15. আমাৰ মুখৰ ভিতৰৰ বেৰখন কি কলাৰে গঠিত?
উত্তৰঃ সৰল আচ্ছাদক কলা।
16. তলত দিয়া প্ৰাণী অংগসমূহত থকা কলাবোৰৰ নাম লিখাঃ ছাল, অস্থি, বৃক্কৰ আৱৰণ।
ছাল – আচ্ছাদক আৰু সংযোজক।
অস্থি – সংযোজক কলা ।
বৃক্কৰ আৱৰণ – ঘনকাকৃতিৰ আচ্ছাদক কলা।