নিয়ন্ত্ৰণ আৰু সমন্বয়

প্ৰশ্নাৱলী-

1. প্রতীপ ক্রিয়া আৰু খোজ কঢ়াৰ মাজত পার্থক্য কি?

উত্তৰঃ প্রতীপক্রিয়া  আৰু খোজকঢ়াৰ মাজত থকা পার্থক্য:

প্রতীপ ক্রিয়া

খোজকঢ়া

(i) ই এটা অনৈচ্ছিক ক্রিয়া।

(i) ই এটা ঐচ্ছিক ক্রিয়া।

(ii) ইয়াক স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে

(ii) ইয়াক মগজুৱে নিয়ন্ত্ৰণ কৰে

2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপ্‌ছত কি ঘটে? 

উত্তৰঃ দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত ৰাসায়নিক পদাৰ্থৰ সঞ্চালন ঘটে ।

3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?

উত্তৰঃ মগজুৰ চেৰিবেলাম অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ।

4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?

উত্তৰঃ নাকৰ স্নায়ুকোষৰ ডেনড্ৰাইটত অৱস্থিত ঘ্রাণ সংগ্ৰাহকৰ সহায়ত আমি ধূপকাঠিৰ গোন্ধ লওঁ ।

5. প্রতীপ ক্রিয়াত মগজুৰ ভূমিকা কি?

উত্তৰঃ প্রতীপ ক্রিয়াত মগজুৰ কোনো ভূমিকা নাথাকে। ইয়াক স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰন কৰে।

প্ৰশ্নাৱলী-

1. উদ্ভিদৰ সঞ্জীৱনী পদার্থ (Plant Hormone) বিলাক কি কি? 

উত্তৰঃ অক্সিন, জিবাৰেলিন, চাইট’কাইনিন আৰু এবচাইচিক এছিড আদি।

2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পার্থক্য আছে?

উত্তৰ: নিলাজী বনৰ পাতৰ চলন আৰু কাণ্ডৰ কুমলীয়া আগৰ চলনৰ মাজত পাৰ্থক্য সমূহ হল –
i) নিলজী বনৰ পাতৰ চলন হল স্বতন্ত্ৰ চলন।ইয়াত বৃদ্ধি বা বিকাশ জৰিত নহয়।
ii) আনহাতে, কাণ্ডৰ কুমলীয়া আগৰ চলন স্বতন্ত্ৰ চলন নহয়।ই বৃদ্ধি বা বিকশিত নিৰ্ভৰ শীল চলন।
ii) নিলাজি বনৰ পাতৰ চলন স্পৰ্শৰ ফলত ঘটে।
ii) আনহাতে,কাণ্ডৰ কুমলীয়া আগৰ চলন পোহৰৰ উপৰত নিৰ্ভৰ কৰে।
iii) নিলাজী বনৰ পাতৰ চলন অতি ক্ষিপ্ৰ।
iii) আনহাতে, কাণ্ডৰ কুমলীয়া আগৰ চলন মন্থৰ।

3. উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱো এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া।

উত্তৰঃ উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জীৱনী পদার্থৰ হ’ল- অক্সিন।

4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে?

উত্তৰ: উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত এবিধ অস্কিন নামৰ সঞ্জীৱনী পদাৰ্থ থাকে যিয়ে কোষৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে ।যেতিয়া উদ্ভিদৰ আকৰ্ষ কোনো এক আধাৰৰ উপৰত আহে তেতিয়া আকৰ্ষৰ বিপৰীত দিশত অস্কিনৰ গাঢ়তা বৃদ্ধি পায়।আৰু ইয়ে তাত থকা কোষ বিলাকক ডাঙৰ আৰু দীঘল হোৱাৰ বাবে উদ্দীপনা যোগায়।ফলত কোনো এক আধাৰৰ চাৰিওফালে আকৰ্ষৰ বৃদ্ধি হয়।

5. জলানুবেগী (Hydrotropism)-ৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা।

প্ৰশ্নাৱলী-

1. প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?
উত্তৰ: প্ৰাণীদেহত  হ’ৰমণৰ সহায়ত ৰাসায়নিক সমন্বয় ঘটে। গ্ৰন্থিৰ দ্বাৰা হৰম’ন নিঃসৰণ হয়। অন্তঃস্ৰাৱী গ্ৰন্থিই হৰম’নৰ জৰিয়তে শাৰীৰিক প্ৰক্ৰিয়া নিয়ন্ত্ৰণ আৰু সমন্বয়ত সহায় কৰে।
2. আয়ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক?

উত্তৰ: আমাৰ দেহত আয়ডিনৰ পৰিমাণ কমি গলে গৰল ৰোগ হোৱাৰ সম্ভাৱনা থাকে ।সেয়েহে আমি আয়ডিন পুষ্ট লৱণ খাব লাগে ।

3. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয়?

উত্তৰ: আমাৰ দেহত অন্দ্ৰিনিলিনৰ নিঃসৰণ ঘটিলে দেহত ধপ ধপনি বৃদ্ধি পায় আৰু ফলত পেশীকোষসমূহৰ অক্সিজেনৰ যোগান বৃদ্ধি পায়।

4. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়?

উত্তৰ: দেহত ইনছুলিনৰ পৰিমাণ কমি গলে ব্যক্তি এজন ডায়েবেটিচ ৰোগত ভুগে।দেহত ইনছুলিনৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবে ডায়বেটিছ ৰোগীক ইনছুলিনৰ বেছি দিয়া হয়।

অনুশীলনী-

1. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ?

(a) ইনচুলিন

(b) থাইৰ’ক্সিন

(c) অ’ৱেষ্ট্ৰজেন

(d) চাইট ‘কাইনিন

উত্তৰঃ (d) চাইট ‘কাইনিন।

2. দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বুলি কয়— 

(a) ডেনড্রাইট

(b) চাইনেপচ্

(c) এক্সন

(d) প্ৰেৰণা

উত্তৰঃ (b) চাইনেপচ্ ৷

3. মগজুৱে কি কাম কৰে—

(a) ভাব আৰু চিন্তা কৰা

(b) হৃদপিণ্ড স্পন্দন নিয়ন্ত্রণ

(c) দেহৰ সমতা ৰক্ষা

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা ।

4. আমাৰ দেহব গ্রাহক অংগৰ কাম কি? গ্রাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে?

উত্তৰ: আমাৰ দেহত থকা গ্ৰাহক অংগৰ কাম হল বহিঃ পৰিবেশৰ বৰ্তাসমূহ সংগ্ৰ কৰি ইয়াক মগজুলৈ প্ৰেৰণ কৰা ।
গ্ৰাহক অংগই যথোপযুক্ত ভাৱে কাম নকৰিলে আমাৰ দেহত থকা অংগ সমূহৰ বহিঃ কাৰকৰ ফলত বিনষ্ট হৈ যাব।

5. নিউৰনৰ গঠনৰ এটা চিত্র আঁকা। ইয়াৰ কাৰ্য বর্ণনা কৰা। 

উত্তৰ: নিউৰণ গঠনৰ এটা ছবি তলত দিয়া হল –

ইয়াৰ কাৰ্য সমূহ হল –
i) দেহৰ গ্ৰাহক অংগ সমূহে প্ৰেৰণ কৰা বৈদ্যুতিক প্ৰেৰণা সমূহ গ্ৰহণ কৰা।
ii)নিউৰনৰ এক্সনে কোষৰ পৰা মগজুলৈ বাৰ্তা সমূহ প্ৰেৰণ কৰে ।
iii )এক্সনে প্ৰেৰণ কৰা বৰ্তাসমুহ ডেন্দ্ৰাইটে গ্ৰহণ কৰে।

6. উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া কেনেকৈ সংঘটিত হয়?

উত্তৰ: উদ্ভিদৰ যি চলনৰ দিশ পোহৰে নিয়ন্ত্ৰণ কৰে তেনে চলনক পূহৰানুবেগী চলন বোলা হয়।উদ্ভিদৰ কাণ্ডৰ যিটো অংশ পোহৰৰ দিশে ধাবিত হয় সেই অংশত অস্কিন নামৰ এবিধ সঞ্জীৱনী পদাৰ্থ থাকে যিয়ে উদ্ভিদৰ কাণ্ডৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে।যদি উদ্ভিত জোপাত মাত্ৰ এটা দিশৰ পৰা পোহৰ পৰে তেতিয়া পোহৰ নপৰা কাণ্ডৰ ফালে অস্কিন ধাবিত হয়।আৰু অস্কিনে কাণ্ডৰ পোহৰ নপৰা অংশত কোষ বিলাকক ডাঙৰ আৰু দীঘল হোৱা বাবে উদ্দীপনা যোগায় যাৰ ফলত উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত গতি কৰিবলৈ লয়।এইদৰে উদ্ভিদৰ পোহৰানুবেগী চলন সংঘটিত হয়।

7. স্নায়ুৰজ্জুত আঘাট হলে কেনে বার্তাত ব্যাঘাট ঘটে?

উত্তৰ: স্নায়ুৰজ্জুত আঘাত হলে প্ৰাণীৰ প্ৰতিপ ক্ৰিয়াত প্ৰবাহ পৰে। যাৰ ফলত গ্ৰাহক অংগৰ পৰা মগজুলৈ সূচাৰুৰূপে সংবেদী স্নায়ুপ্ৰেৰণা প্ৰেৰণ নহব।

8. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়?

উত্তৰ: উদ্ভিতত থকা সঞ্জীৱনী পদাৰ্থৰ দ্বাৰা উদ্ভিদৰ ৰাসায়নিক সমন্বয় সংঘটিত হয়।ই উদ্ভিদৰ বৃদ্ধি আৰু সমত ৰক্ষা কৰাত সহায় কৰে। উদ্ভিৰ সঞ্জীৱনী পদাৰ্থ সমূহ হল – অক্সিন, জিবাৰিলিন চাইটকাইনিন আৰু এবাইছিছ এছিড। যত, অস্কিনে কাণ্ডৰ বৃদ্ধি আৰু ডাঙৰ হোৱাত সহায় কৰে ,জিবাৰিলিনে শিপাৰ কোষৰ বৃদ্ধিত সহায় কৰে , চাইটকাইনিনে কোষ বিভাজনত সহায় কৰে আৰু এবচাইছিছ এছিডে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে ।এনেদৰে বিভিন্ন সঞ্জীৱনী পদাৰ্থৰ দ্বাৰা উদ্ভিদৰ দেহৰ ৰাসায়নিক সমন্বয় সংঘটিত হয়।

9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্রয়োজন?

উত্তৰ: জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰ প্ৰয়োজন।

10. ঐচ্ছিক ক্রিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা?

উত্তৰ: ঐচ্ছিক ক্ৰিয়া আৰু প্রতীপ ক্ৰিয়াৰ মাজত থকা পাৰ্থক্য সমূহ হল –
i) ঐচ্ছিক ক্ৰিয়া মগজুৰ দ্বাৰা নিয়ন্ত্ৰিত।
আনহাতে, প্ৰতীপ ক্ৰিয়া স্নায়োৰঞ্জৰ দ্বাৰা নিয়ন্ত্ৰিত।
ii)ঐচ্ছিক ক্ৰিয়া প্রতিপ ক্ৰিয়াৰ তুলনাত মন্থৰ ।
আনহাতে, প্ৰতিপ ক্ৰিয়া ক্ষিপ্ৰ।
iii)ঐচ্ছিক ক্ৰিয়া মগজুৰ চেৰিবিলাম অংশৰ দ্বাৰা নিয়ন্ত্ৰিত ।
আনহাতে, প্ৰতিপ ক্ৰিয়া মগজুৰ পশ্যাত মস্তিষ্কই নিয়ন্ত্ৰণ কৰে।

11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’নৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা।

উত্তৰ: প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰমনৰ ক্ৰিয়াৰ মাজৰ কিছু আলোচনা তলত উল্লেখ কৰা হল –
i) স্নায়ুতন্ত্ৰৰ সংকেত সমূহ বৈদ্যুতিক প্ৰেৰণাৰ দ্বাৰা প্ৰেৰণ হয়।
আনহাতে, হৰমনৰ ক্ৰিয়া সমূহ কিছুমান ৰাসায়নিক মাধ্যম আৰু তেজৰ দ্বাৰা পৰিবহন হয়।
ii)স্নায়ুতন্ত্ৰৰ ক্ৰিয়া ক্ষিপ্ৰ।
আনহাতে, হৰমনৰ ক্ৰিয়া কিছু মন্থৰ।
iii)স্নায়ুতন্ত্ৰৰ ক্ৰিয়াৰ প্ৰভাৱ খন্তেকিয়া।
আনহাতে ,হৰমনৰ ক্ৰিয়াৰ প্ৰভাৱ দীঘলীয়া।

 12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পার্থক্য কি? 

উত্তৰ: নীলাজী বনৰ পাতৰ চলন আৰু আমাৰ ভৰিৰ পাতৰ চলনৰ মাজত থকা পাৰ্থক্য সমূহ হল –
i)নীলাজী বনৰ পাতৰ চলন স্বতন্ত্ৰ চলন।
আনহাতে ,ভৰিৰ চলন স্বতন্ত্ৰ চলন নহয়।
ii) নিলাজী বনৰ পাতৰ চলন স্পৰ্শ দ্বাৰা হয়।
আনহাতে, ভৰিৰ চলন মগজু আৰু পেশীৰ দ্বাৰা নিয়ন্ত্ৰণ হয়।
iii) নিলাজী বনৰ পাতৰ চলন ক্ষিপ্ৰ।
আনহাতে ,ভৰিৰ চলন ক্ষিপ্ৰ নহয়।                               

Scroll to Top