ভাৰতৰ কৃষি আৰু উদ্য়োগ

১. পাঠৰ মূল সাৰাংশ (Key Concepts & Summary)

  • ভাৰতীয় কৃষিৰ গুৰুত্ব: ভাৰত এখন কৃষিপ্রধান দেশ। ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ ৫৪.৬% লোক প্ৰত্যক্ষভাৱে কৃষিত নিয়োজিত। কৃষik ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি (Backbone of Indian Economy) বোলা হয়।

  • কৃষি ঋতুসমূহ:

    1. খাৰিফ ঋতু (জুন-ছেপ্টেম্বৰ): ধান, কপাহ, মৰাপাট, বজৰা, ৰাগি, জোৱাৰ, ছয়াবিন।

    2. ৰবি ঋতু (অক্টোবৰ-মাৰ্চ): ঘেঁহু, মাহজাতীয় শস্য, সৰিয়হ, বাদাম, আলু, শাক-পাচলি।

    3. জায়দ ঋতু (এপ্ৰিল-জুন): তিয়হ, তৰমুজ, পশুখাদ্য, জিকা, লেচেৰা।

  • কৃষিৰ প্ৰকাৰসমূহ: স্থানান্তৰিত কৃষি (ঝুম খেতি), বেদিকা কৃষি (পাহাৰৰ খটখটীত ঢাপ কাটি কৰা খেতি), গহন বা নিবিড় কৃষি, মিশ্ৰ কৃষি (শস্য + পশুপালন), ৰোপন কৃষি (চাহ, কফি, ৰবৰ), আৰু উদ্যান কৃষি (ট্ৰাক ফাৰ্মিং)।

  • ভাৰতৰ ৭ টা প্ৰধান কৃষি বলয়:

  1. ধান-মৰাপাট-চাহ বলয় (অসম, বংগ, বিহাৰ)

  2. ঘেঁহু আৰু কুঁহিয়াৰ বলয় (উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা)

  3. মিলেট আৰু তেলগুটি শস্য বলয় (দাক্ষিণাত্য মালভূমি)

  4. মাকৈ বলয় (ৰাজস্থান, গুজৰাট)

  5. কপাহ বলয় (মহাৰাষ্ট্ৰ, গুজৰাটৰ ক’লা মাটি)

  6. মচলাজাতীয় আৰু ৰোপন শস্যৰ বলয় (উপকূলীয় সমভূমি)

  7. ফল-মূল আৰু শাক-পাচলি বলয় (হিমালয় অঞ্চল)

  • সেউজ বিপ্লৱ (Green Revolution): ১৯৬১ চনত ড° এম. এছ. স্বামীনাথনৰ নেতৃত্বত উচ্চ উৎপাদনক্ষম বীজ, সাৰ, জলসিঞ্চন প্ৰয়োগ কৰি ঘেঁহু আৰু ধানৰ উৎপাদনত হোৱা বৈপ্লৱিক বৃদ্ধি।

  • উদ্যোগৰ প্ৰকাৰ:

  • কুটীৰ শিল্প: পৰিয়ালৰ সদস্যৰে ঘৰুৱাভাৱে কৰা পৰম্পৰাগত উদ্যোগ (হস্তশিল্প, মৃৎশিল্প)।

  • ক্ষুদ্ৰ উদ্যোগ: কম মূলধন আৰু কম শ্ৰমিকেৰে শক্তিচালিত যন্ত্ৰৰে কৰা উদ্যোগ (বিস্কুট, আচাৰ, মম)।

  • বৃহৎ উদ্যোগ: অধিক মূলধন আৰু আধুনিক প্ৰযুক্তিৰে কৰা গধুৰ উদ্যোগ (লো-তীখা, চিমেণ্ট, পেট্ৰ’ৰাসায়নিক)।

  • ভাৰতৰ প্ৰধান শিল্প অঞ্চলসমূহ: হুগলী শিল্প অঞ্চল, ছোটনাগপুৰ মালভূমি শিল্প অঞ্চল (ভাৰতৰ ‘ৰূঢ়’), মুম্বাই-পুনে শিল্প অঞ্চল, আহমেদাবাদ-চুৰাট শিল্প অঞ্চল, মাদুৰাই-কইম্বাটোৰ-বাংগালোৰ শিল্প অঞ্চল, গুৰুগ্ৰাম-দিল্লী-মিৰাট শিল্প অঞ্চল, আৰু কোল্লাম-থিৰুৱনন্তপুৰম শিল্প অঞ্চল।

২. পাঠভিত্তিক অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

অনুশীলনী — ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:

(ক) ভাৰতৰ কৃষি ঋতু কেইটা আৰু কি কি?
উত্তৰ: ভাৰতৰ কৃষি ঋতু তিনিটা—
১) খাৰিফ ঋতু (গ্ৰীষ্মকাল বা বাৰিষা: জুনৰ পৰা ছেপ্টেম্বৰ)
২) ৰবি ঋতু (শীতকাল: অক্টোবৰৰ পৰা মাৰ্চ)
৩) জায়দ ঋতু (শুকান আৰু গৰমৰ প্ৰাকমুহূৰ্ত: এপ্ৰিলৰ পৰা জুন)

(খ) ভাৰতৰ কোন কোন ৰাজ্যত কি কি ৰোপন শস্যৰ খেতি কৰা হয়?
উত্তৰ:

  • অসম আৰু পশ্চিমবংগ: চাহ খেতি।

  • কেৰালা, কৰ্ণাটক আৰু তামিলনাডু: কফি, ৰবৰ আৰু নাৰিকলৰ খেতি।

  • মহাৰাষ্ট্ৰ আৰু তামিলনাডু: কুঁহিয়াৰ আৰু কল খেতি।

  • অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা: কাজু, আনাৰস আৰু মচলাজাতীয় শস্য।

(গ) ঝুম খেতি কাক বোলে?
উত্তৰ: উত্তৰ-পূব ভাৰতৰ পাহাৰীয়া অঞ্চলৰ এঢলীয়া মাটিত হাবি-বন কাটি জুই লগাই পুৰি (ছেদন আৰু দাহন / Slash and Burn) পৰম্পৰাগতভাৱে কৰা অস্থায়ী স্থানান্তৰিত কৃষিকে ঝুম খেতি (Shifting Cultivation) বোলে। মাটিৰ উৰ্বৰতা হ্ৰাস পালে ২-৩ বছৰৰ পিছত আন এডোখৰ ঠাই মুকলি কৰি এই খেতি কৰা হয়।

(ঘ) মিশ্ৰ কৃষি বুলিলে কি বুজা?
উত্তৰ: যি কৃষি পদ্ধতিত শস্যৰ খেতি কৰাৰ লগতে একেডৰা মাটিতে পশুপালন (গৰু, ম’হ, ছাগলী, হাঁহ-কুকুৰা আদি) সমান্তৰালভাৱে চলাই নিয়া হয়, তাকে মিশ্ৰ কৃষি (Composite / Mixed Farming) বোলে। ইয়াত খেতিৰ পৰা পশুখাদ্য পোৱা যায় আৰু পশুৰ মল-মূত্ৰ খেতিত সাৰ হিচাপে ব্যৱহাৰ হয়।

(ঙ) ট্ৰাক ফাৰ্মিং কি? এই পদ্ধতিৰ কৃষিত সাধাৰণতে কিহৰ খেতি কৰা হয়?
উত্তৰ:

  • ট্ৰাক ফাৰ্মিং (Truck Farming): নগৰ বা মহানগৰৰ আশে-পাশে থকা অঞ্চলত উৎপাদিত পচনশীল শাক-পাচলি আৰু ফল-মূলসমূহ যাতে নষ্ট নোহোৱাকৈ ৰাতিটোৰ ভিতৰতে ট্ৰাকেৰে নগৰৰ বজাৰলৈ সৰবৰাহ কৰিব পাৰি, তেনে উদ্দেশ্যৰে কৰা বিশেষ উদ্যান কৃষিকে ট্ৰাক ফাৰ্মিং বোলে।

  • খেতি: সাধাৰণতে বন্ধাকবি, ফুলকবি, বিলাহী, পালেং, বেঙেনা, জলকীয়া, তিয়হ আদি শাক-পাচলি আৰু ফল-মূলৰ খেতি কৰা হয়।

২. কৃষিক কিয় ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি বুলি কোৱা হয়?

উত্তৰ:
১) ভাৰতৰ প্ৰায় ৫৪.৬% লোক প্ৰত্যক্ষভাৱে কৃষি আৰু কৃষিভিত্তিক কাম-কাজত নিয়োজিত হৈ জীৱিকা নিৰ্বাহ কৰে।
২) দেশৰ সমগ্ৰ বিশাল জনসংখ্যাৰ বাবে প্ৰয়োজনীয় খাদ্য-সামগ্ৰী কৃষিয়ে যোগান ধৰে।
৩) দেশৰ বহুতো প্ৰধান উদ্যোগ (যেনে: কপাহী বয়ন, মৰাপাট, চেনি, চাহ, বনস্পতি তেল আদি) কেঁচামালৰ বাবে সম্পূৰ্ণৰূপে কৃষিৰ ওপৰত নিৰ্ভৰশীল।
৪) কৃষিয়ে পৰিবহণ, বেপাৰ-বাণিজ্য, খাদ্য প্ৰক্ৰিয়াকৰণ আদি আন আন অৰ্থনৈতিক খণ্ডসমূহক সক্ৰিয় আৰু গতিশীল কৰি ৰাখে।
সেয়েহে কৃষিক ভাৰতীয় অৰ্থনীতিৰ মূল ভেটি (Backbone of Indian Economy) বোলা হয়।

৩. আমাৰ দেশত কৃষি ঋতু কেইটাত কি কি শস্যৰ খেতি কৰা হয় উদহৰণেৰে সৈতে লিখা।

উত্তৰ:
১) খাৰিফ শস্য (গ্ৰীষ্মকাল / বাৰিষা: জুন-ছেপ্টেম্বৰ): ধান, কপাহ, মৰাপাট, বজৰা, ৰাগি, জোৱাৰ, ছয়াবিন, বাদাম আদি।
২) ৰবি শস্য (শীতকাল: অক্টোবৰ-মাৰ্চ): ঘেঁহু, সৰিয়হ, বুট, মটৰমাহ, তিসি, আলু, লাইশাক, পালেংশাক, গাজৰ আদি।
৩) জায়দ শস্য (গ্ৰীষ্মৰ প্ৰাকমুহূৰ্ত: এপ্ৰিল-জুন): তিয়হ, তৰমুজ, খাৰমুজ, জিকা, লেচেৰা, ভেন্দী, পশুখাদ্য আদি।

৪. ভাৰতত প্ৰচলিত কৃষি পদ্ধতিবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা।

উত্তৰ:
১) স্থানান্তৰিত কৃষি (বা ঝুম খেতি): পাহাৰত হাবি কাটি জুই লগাই কেইবছৰমান খেতি কৰি মাটি সলাই কৰা পৰম্পৰাগত খেতি।
২) বেদিকা কৃষি (Terrace Cultivation): পাহাৰৰ ঢালত খটখটীৰ দৰে ঢাপ কাটি পানী নিয়ন্ত্ৰণ কৰি কৰা কৃষি (যেনে: উত্তৰাখণ্ড, হিমাচল, ছিকিমৰ পাহাৰীয়া ধান খেতি)। 
৩) গহন বা নিবিড় কৃষি (Intensive Cultivation): ঘন জনবসতিৰ দেশত সীমিত মাটিত অধিক শ্ৰম আৰু সাৰ প্ৰয়োগ কৰি বছৰত কেইবাবাৰো কৰা খেতি।
৪) মিশ্ৰ কৃষি (Mixed Farming): একেলগে শস্য উৎপাদন আৰু পশুপালন কৰি কৰা লাভজনক খেতি।
৫) ৰোপন কৃষি (Plantation Agriculture): বৃহৎ এলেকাজুৰি কেৱল এবিধ শস্য বাণিজ্যিকভাৱে কৰা খেতি (যেনে: চাহ, কফি, ৰবৰ)।
৬) উদ্যান কৃষি (Horticulture / Truck Farming): নগৰৰ বজাৰৰ বাবে ফল-মূল, শাক-পাচলি, ফুল আৰু মচলা উৎপাদন কৰা আধুনিক খেতি।

অনুশীলনী — ২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া: 

(ক) ঘেঁহু আৰু কুঁহিয়াৰৰ খেতি ভাৰতৰ কোন কোন ৰাজ্যত কৰা হয়?
উত্তৰ: উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, বিহাৰ আৰু ৰাজস্থানৰ উত্তৰ অংশত।

(খ) তেলগুটি শস্য দুবিধৰ নাম লিখা।
উত্তৰ: সৰিয়হ আৰু বাদাম (বা তিল / সূৰ্যমুখী)।

(গ) বৃষ্টিছায়া অঞ্চল কাক বোলে?
উত্তৰ: জলীয় বাষ্প কঢ়িয়াই অনা বতাহে পৰ্বতৰ প্ৰতিবাত ঢালত (Windward side) বাধা পাই প্ৰচুৰ বৰষুণ দিয়াৰ পিছত, পৰ্বতৰ বিপৰীত ফালে অৰ্থাৎ অনুবাত ঢালেৰে (Leeward side) নামি অহা শুকান বতাহৰ বাবে যি অঞ্চলত বৰষুণ অতি কম হয় বা একেবাৰে নহয়, তেনে শুকান অঞ্চলক বৃষ্টিছায়া অঞ্চল (Rain Shadow Region) বোলে।

(ঘ) ভাৰতৰ কোনটো অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত?
উত্তৰ: ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰ-পশ্চিম অঞ্চল (বিশেষকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ক’লা মাটিৰ অঞ্চল)।

(ঙ) দুবিধ মচলাজাতীয় শস্যৰ নাম লিখা।
উত্তৰ: ইলাচী আৰু জালুক (বা ডালচেনি / আদা / জলকীয়া)।

(চ) সেউজ বিপ্লৱ বুলিলে কি বুজা?
উত্তৰ: ১৯৬০ ৰ দশকত (১৯৬১ চনত) ড° এম. এছ. স্বামীনাথনৰ নেতৃত্বত পৰম্পৰাগত কৃষিৰ সলনি উন্নত জাতৰ বীজ (HYV seeds), ৰাসায়নিক সাৰ, কীটনাশক আৰু আধুনিক জলসিঞ্চনৰ প্ৰয়োগৰ দ্বাৰা খাদ্য শস্যৰ (বিশেষকৈ ঘেঁহু আৰু ধানৰ) উৎপাদনত হোৱা অভূতপূৰ্ব বৈপ্লৱিক বৃদ্ধিক সেউজ বিপ্লৱ (Green Revolution) বোলে।

২. কৃষি বলয় বা অঞ্চল বুলিলে কি বুজা? ভাৰতত কেইটা কৃষি বলয় আছে, প্ৰতিটোৰে নাম লিখা।

উত্তৰ:

  • সংজ্ঞা: একে ভৌগোলিক আৰু জলবায়ুগত পৰিৱেশত যিবোৰ অঞ্চলত প্ৰায় একে পদ্ধতিৰে নিৰ্দিষ্ট একে জাতীয় শস্যৰ খেতি প্ৰধানভাৱে কৰা হয়, তেনে অঞ্চলক কৃষি বলয় বা কৃষি অঞ্চল বোলে।

  • ভাৰতৰ ৭ টা প্ৰধান কৃষি বলয় হ’ল:
    ১) ধান-মৰাপাট-চাহ বলয়
    ২) ঘেঁহু আৰু কুঁহিয়াৰ বলয়
    ৩) মিলেট আৰু তেলগুটি শস্য বলয়
    ৪) মাকৈ বলয়
    ৫) কপাহ বলয়
    ৬) মচলাজাতীয় আৰু ৰোপন শস্যৰ বলয়
    ৭) ফল-মূল আৰু শাক-পাচলি বলয়

৩. ধান খেতিৰ বাবে প্ৰয়োজনীয় কাৰকবোৰ কি কি?

উত্তৰ:
১) সাৰুৱা পলসুৱা মাটি আৰু সমতল ভূমি।
২) প্ৰচুৰ বৰষুণ (বাৰ্ষিক গড়ে ১৫০ ৰ পৰা ২০০ চে.মি. বা তাতকৈ অধিক)।
৩) গ্ৰীষ্মকালীন উচ্চ উষ্ণতা (২০° ৰ পৰা ৩০° চেণ্টিগ্ৰেড) আৰু আৰ্দ্ৰ বতৰ।
৪) শস্যৰ বৃদ্ধিৰ সময়ত পথাৰত পানী জমা হৈ থকাৰ সুচল ব্যৱস্থা।

৪. ভাৰতৰ ফল-মূল আৰু শাক-পাচলি বলয়টোৰ মূল বৈশিষ্ট্য কি? পূব হিমালয় অঞ্চলত কি ফলৰ খেতি প্ৰধানকৈ কৰা হয়?

উত্তৰ: 

  • মূল বৈশিষ্ট্য: এই বলয়টো কাশ্মীৰৰ পৰা উত্তৰ-পূব ভাৰতলৈ বিস্তৃত পাহাৰীয়া আৰু পাদদেশৰ জলবায়ুৰ অঞ্চল। পশ্চিম হিমালয়ৰ শুকান-শীতল অঞ্চলত আপেল, বগৰী, এপ্ৰিকট আদিৰ খেতি হয় আৰু পূব হিমালয়ৰ সেমেকা পাহাৰত সুমথিৰা, আনাৰস আৰু শাক-পাচলিৰ খেতি হয়।

  • পূব হিমালয় অঞ্চলৰ প্ৰধান ফল: সুমথিৰা টেঙা (Orange) (লগতে আনাৰস, কল আৰু শাক-পাচলিৰ ভিতৰত আলু, জলকীয়া)।

৫. ভাৰতৰ কৃষিক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাবোৰৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা।

উত্তৰ:
১) জনসংখ্যা বৃদ্ধি আৰু কৃষিভূমি হ্ৰাস: জনসংখ্যা বৃদ্ধিৰ ফলত খেতিৰ মাটি বিভক্ত হৈ সৰু সৰু হৈ পৰিছে, যাৰ ফলত ট্ৰেক্টৰ বা আধুনিক যন্ত্ৰ ব্যৱহাৰ কষ্টকৰ হৈছে।
২) বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা: ভাৰতৰ কৃষিয়ে অনিয়মীয়া মৌচুমী বতাহৰ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰাৰ ফলত খৰাং আৰু বানপানীৰ দ্বাৰা শস্য নষ্ট হয়।
৩) পৰ্যাপ্ত জলসিঞ্চনৰ অভাৱ: সকলো অঞ্চলত নিয়মীয়া পানী যোগানৰ সুচল ব্যৱস্থা নাই।
৪) মাটিৰ গুণাগুণ হ্ৰাস: একেলেথাৰিয়ে খেতি কৰা আৰু অপৰিকল্পিত ৰাসায়নিক সাৰ প্ৰয়োগে মাটিৰ প্ৰাকৃতিক উৰ্বৰতা নষ্ট কৰিছে।
৫) দৰিদ্ৰতা আৰু প্ৰযুক্তিৰ নাটনি: দৰিদ্ৰ কৃষকসকলৰ উন্নত বীজ, আধুনিক যন্ত্ৰ আৰু কীটনাশক ক্ৰয় কৰাৰ আৰ্থিক সামৰ্থ্যৰ অভাৱ।

অনুশীলনী — ৩

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:

(ক) তিনিটা হস্তশিল্পৰ নাম লিখা।
উত্তৰ: মৃৎশিল্প (মাটিৰ বাচন শিল্প), বাঁহ-বেতৰ শিল্প, আৰু সোণ-ৰূপৰ অলংকাৰ শিল্প (বা বস্ত্ৰশিল্প / কাঁহ-পিতলৰ শিল্প)।

(খ) কোন চনত ভাৰতত প্ৰথমটো লো-তীখা কেনদ্ৰ স্থাপন কৰা হৈছিল?
উত্তৰ: ১৯০৭ চনত (ঝাৰখণ্ডৰ জামছেদপুৰত টাটা আইৰন এণ্ড ষ্টীল কোম্পানী – TISCO)।

(গ) ছোটনাগপুৰ অঞ্চলটোক কিয় ভাৰতৰ ৰূঢ় শিল্প অঞ্চল বুলি কোৱা হয়?
উত্তৰ: জাৰ্মানিৰ ৰাইন নদীৰ উপত্যকাত অৱস্থিত ‘ৰূঢ়’ (Ruhr) অঞ্চলটো কয়লা আৰু লো-ইস্পাতৰ বৃহৎ উদ্যোগৰ বাবে বিশ্বখ্যাত। ঠিক তেনেদৰে ভাৰতৰ ছোটনাগপুৰ মালভূমি অঞ্চলৰ দামোদৰ নদী উপত্যকাত থকা দুৰ্গাপুৰ, জামছেদপুৰ, বোকাৰো আদিত প্ৰচুৰ কয়লা আৰু লো-তীখাৰ গুৰু উদ্যোগ গঢ় লৈ উঠিছে। সেয়েহে এই অঞ্চলটোক ভাৰতৰ ৰূঢ় শিল্প অঞ্চল (Ruhr of India) বোলা হয়।

(ঘ) হুগলী শিল্প অঞ্চল কি কি উদ্যোগৰ বাবে বিখ্যাত?
উত্তৰ: মরপাপাট উদ্যোগ, কপাহী বস্ত্ৰ উদ্যোগ, কাগজ কল, গধুৰ অভিযান্ত্ৰিক যন্ত্ৰ-পাতি, ৰাসায়নিক উদ্যোগ, ঔষধ আৰু বৈদ্যুতিক সামগ্ৰী নিৰ্মাণ উদ্যোগ।

(ঙ) মুম্বাই-পুনে শিল্প অঞ্চল ক’ৰপৰা ক’লৈকে বিস্তৃত হৈ আছে?
উত্তৰ: মহাৰাষ্ট্ৰৰ মুম্বাই-থানেৰ পৰা পুনেলৈ আৰু নাচিক তথা চোলাপুৰ জিলালৈকে বিস্তৃত হৈ আছে।

(চ) ভাৰতত সকলো ঠাইতে শিল্প অঞ্চল গঢ়ি নুঠাৰ মূল কাৰণটো কি?
উত্তৰ: কাৰণ উদ্যোগ গঢ়ি উঠিবলৈ প্ৰয়োজনীয় ভৌগোলিক কাৰকসমূহ যেনে— খনিজ সম্পদ আৰু কেঁচামালৰ বিতৰণ সকলো ঠাইতে সমান নহয়। তদুপৰি সকলো ঠাইতে সুচল পৰিবহণ, নিৰন্তৰ বিদ্যুৎ যোগান, অনুকূল জলবায়ু, দক্ষ শ্ৰমিক আৰু বজাৰৰ সুবিধা সমানে উপলব্ধ নহয়।

২. উদ্যোগবোৰক কিহৰ ভিত্তিত শ্ৰেণীবিভাজন কৰা হৈছে? শ্ৰেণীকেইটা কি কি?

উত্তৰ:
উদ্যোগবোৰক আকাৰ, বিনিয়োগ কৰা মূলধন, শ্ৰমিকৰ সংখ্যা আৰু প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি প্ৰধানকৈ তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে:
১) কুটীৰ শিল্প উদ্যোগ (Cottage Industry): ঘৰৰ ভিতৰতে পৰিয়ালৰ সদস্যৰে পৰম্পৰাগত সঁজুলিৰে কৰা উদ্যোগ (যেনে: তাঁতশিল্প, মাটিৰ বাচন, বাঁহ-বেতৰ কাম)।
২) ক্ষুদ্ৰ উদ্যোগ (Small Scale Industry): কম মূলধন আৰু কম শ্ৰমিকেৰে শক্তিচালিত সৰু যন্ত্ৰৰে কৰা উদ্যোগ (যেনে: বিস্কুট, আচাৰ, মম, ধূপ, সাজ-পোছাক)।
৩) বৃহৎ উদ্যোগ (Large Scale Industry): বৃহৎ মূলধন, অত্যাধুনিক প্ৰযুক্তি আৰু হাজাৰ হাজাৰ দক্ষ শ্ৰমিক নিয়োগ কৰি কৰা উদ্যোগ (যেনে: লো-তীখা, চেনি, মটৰগাড়ী, পেট্ৰ’ৰাসায়নিক)।

৩. দেশ এখনৰ উদ্যোগৰ বিকাশত কি কি কাৰকে প্ৰভাৱ পেলায়?

উত্তৰ:
১) কেঁচামালৰ সহজলভ্যতা
২) শক্তিৰ উৎস (বিদ্যুৎ, কয়লা, খনিজ তেল)
৩) উন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা
৪) দক্ষ আৰু সস্তীয়া শ্ৰমিক
৫) প্ৰয়োজনীয় মূলধন আৰু বেংক ঋণৰ সুবিধা
৬) উৎপাদিত সামগ্ৰীৰ উপযুক্ত বজাৰ আৰু চাহিদা
৭) অনুকূল চৰকাৰী ঔদ্যোগিক নীতি আৰু শান্তি-শৃংখলা

৪. ভাৰতৰ আটাইতকৈ দ্ৰুতভাৱে বিকশিত শিল্প অঞ্চল কোনটো? এই অঞ্চলটো কি উদ্যোগৰ বাবে জনাজাত?

উত্তৰ:

  • অঞ্চল: দক্ষিণ ভাৰতৰ মাদুৰাই-কইম্বাটোৰ-বাংগালোৰ শিল্প অঞ্চল

  • জনাজাত উদ্যোগসমূহ: কপাহী বস্ত্ৰ উদ্যোগ, তথ্য-প্ৰযুক্তি (IT), বিমান নিৰ্মাণ উদ্যোগ, টেলিফোন আৰু ইলেক্ট্ৰনিক্স উদ্যোগ, গধুৰ অভিযান্ত্ৰিক যন্ত্ৰ-পাতি, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু চামৰা উদ্যোগ।

Scroll to Top