মোৰ দেশ ভাল

(ক) কবিয়ে ‘সকলো দেশত কৰি মোৰ দেশ ভাল’ বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি?

উত্তৰঃ কবিয়ে ‘সকলো দেশত কৰি মোৰ দেশ ভাল’ বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম হল অসম।

(খ) ‘ক’ত আছে এনে ঠাই সৰগ-ফুলনি ক’ত আছে এনে আই সোণৰ গোসানী।’ -পদ্যছোৱাত ‘ঠাই’ আৰু ‘আই’ক কাৰ লগত তুলনা কৰা হৈছে?

উত্তৰঃ ‘ক’ত আছে এনে ঠাই সৰগ-ফুলনি ক’ত আছে এনে আই সোণৰ গোসানী।’ -পদ্যছোৱাত ‘ঠাই’ আৰু ‘আই’ক সৰগ-ফুলনি আৰু  সোণৰ গোসানী লগত তুলনা কৰা হৈছে।

(গ) পদ্যটিত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা।

উত্তৰঃ পদ্য়টিত কবিয়ে নিজৰ দেশক – সোণৰ চপৰা, সুধাৰ নিজৰা, অমাতৰ মাত,  সৰগ-ফুলনি, সোণৰ গোসাঁনী আদি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে ।

 নামৰ তালিকা কৰা।

(ক) ‘ক’ত আছে এনে ফুল ফুলে বাৰমাহ’

বাৰমাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা।

উত্তৰঃ

ফুলৰ তালিকা

গোলাপ

চামেলি

জৱা

 নয়নতৰা 

চম্পা

কচন্ধা

(খ) ‘ক’ত আছে এনে ধান এই ধৰণীত’

কেইবিধমান ধানৰ নাম লিখা।

উত্তৰঃ

ধানৰ তালিকা

ৰঞ্জিত

 ৰূপহী 

শালি

কেঁকুৰাহ বাও

জহা

লাকি শালি

বৰা

কাৱৈ বাদাম

 তলৰ পদ্য কেইফাকি গদ্য ৰূপত লিখা।

উদাহৰণ- ‘সকলো দেশত কৰি মোৰ দেশ ভাল’ ওপৰৰ পদ্যশাৰী গদ্যত লিখিলে এনে হ’ব-মোৰ দেশ সকলো দেশতকৈ ভাল।

(ক) ক’ত আছে এনে মাটি সোণৰ চপৰা ক’ত আছে এনে পানী সুধাৰ নিজৰা।

(খ) ভাই-ভনী মিলি য’ত থাকোঁ চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল।

জানো আহা-

মোৰ দেশ সকলোতকৈ ভাল। ইয়াৰ অর্থ, কবিয়ে পৃথিৱীৰ আন দেশবোৰৰ লগত তুলনা কৰি নিজৰ দেশখন সকলো দেশতকৈ ভাল বুলি কৈছে। এনেদৰে বহুতৰ লগত দোষ-গুণৰ তুলনা কৰিবলৈ বাক্যত সকলোতকৈ, সবাতোকৈ বা আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰা হয়।

সকলোতকৈ, সবাতোকৈ, আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূর্ণ কৰা।

(ক) ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা _________ দীঘল আৰু ব্রহ্মপুত্র__________ বহল।

উত্তৰঃ ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা সকলোতকৈ দীঘল আৰু ব্রহ্মপুত্র আটাইতকৈ বহল।

খ) মাজুলী পৃথিৱীৰ ভিতৰত __________ডাঙৰ নদী-দ্বীপ।

উত্তৰঃ মাজুলী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী-দ্বীপ।

(গ) কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গঁড়___________ আপুৰুগীয়া।

উত্তৰঃ কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গঁড় সকলোতকৈ আপুৰুগীয়া।

(ঘ) আনৰ বস্তুৰ প্রতি লোভ কৰা _________বেয়া গুণ।

উত্তৰঃ আনৰ বস্তুৰ প্রতি লোভ কৰা আটাইতকৈ বেয়া গুণ।

জানো আহা-

তুলনা সাধাৰণতে দুটা বা তাতকৈ অধিকৰ মাজত হয়। তেনেক্ষেত্রত দোষ-গুণ কম-বেছি বুজাবৰ বাবে সাধাৰণতে ‘তকৈ’ যোগ দি তুলনা কৰা হয়। যেনে-বীতা ভনিতাতকৈ ধুনীয়া। তুলা লোতকৈ পাতল। নাই মোমাইতকৈ কণা মোমাই ভাল।

আঁচটনা ঠাইত ‘-তকৈ’ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া।

(ক) অসমৰ আটাই_________ দীঘল নদ ব্রহ্মপুত্র।

(খ) মাজুলী আটাই ___________ডাঙৰ নদী-দ্বীপ।

(গ) মাউন্ট এভাৰেষ্ট সকলো _________ ওখ শৃংগ।

Scroll to Top