পৃথিৱীৰ অভ্যন্তৰ ভাগ

১। শুদ্ধ উত্তৰটি বাছি উলিওৱা一

(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৪/৩/২ টা স্তৰেৰে গঠিত।

উত্তৰঃ পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৩ টা স্তৰেৰে গঠিত।

(খ) ভূত্বক গড়ে প্রায় ২০/৩০/২৫ কিল’মিটাৰ ডাঠ।

উত্তৰঃ ভৃত্বক গড়ে প্ৰায় ২০ কিল’মিটাৰ ডাঠ।

(গ) পৃথিৱীৰ গৰ্ভ মানে হ’ল— ভূত্বক/ গুৰুমণ্ডল/কেন্দ্ৰমণ্ডল।

উত্তৰঃ পৃথিৱীৰ গৰ্ভ মানে হ’ল- কেন্দ্ৰমণ্ডল।

(ঘ) জীৱাষ্ম সাধাৰণতে গেদীয় শিল/আগ্নেয়শিল/ৰূপান্তৰিত শিলত পোৱা যায়।

উত্তৰঃ জীৱাষ্ম সাধাৰণতে গেদীয় শিলত পোৱা যায়।

(ঙ) আটাইতকৈ টান মণিক বিধ হ’ল সোণ/হীৰা/দস্তা।

উত্তৰঃ আটাইতকৈ টান মণিক বিধ হ’ল হীৰা।

২। খালী ঠাই পূৰ কৰা।

(ক) ভূপৃষ্ঠৰপৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে _____________ বাঢ়ি গৈ থাকে।

উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্রমান্বয়ে  উত্তাপ বাঢ়ি গৈ থাকে।

(খ) ভূত্বক স্তৰক _____________ বুলিও জনা যায়।

উত্তৰঃ ভূত্বক স্তৰক ছিয়াল বুলিও জনা যায়।

(গ) মাটি ____________আৰু ____________ পদাৰ্থৰে গঠিত।

উত্তৰঃ মাটি জৈৱিক আৰু অজৈৱিক পদার্থৰে গঠিত।

(ঘ) মেগমাৰ পৰা উৎপত্তি হোৱা শিলক _____________ শিল বোলে।

উত্তৰঃ মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আগ্নেয় শিল বোলে।

(ঙ) মণিকবোৰ সাধাৰণতে ______________পদার্থ।

উত্তৰঃ মণিকবোৰ সাধাৰণতে কঠিন পদার্থ।

৩। চমু উত্তৰ লিখা। (৩০টা মান শব্দৰ ভিতৰত)

(ক) ভূত্বক মানে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। এনে তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূত্বক অসমান আৰু ওখোৰা-মোখোৰা হোৱা বুলি ধাৰণা কৰা হৈছে। পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, সাগৰ, মহাসাগৰ আদি অবয়ৱসমূহ ভূত্বকতে অৱস্থিত। ভূত্বকৰ গভীৰতা আন দুটা স্তৰতকৈ কম। ই গড়ে প্রায় ২০ কিল’মিটাৰ ডাঠ। অৱশ্যে মহাদেশীয় অংশত ই ১৬ কিল’মিটাৰৰপৰা ৬০ কিল’মিটাৰ ডাঠ আৰু মহাসাগৰ তলিত ই মাত্র ৫ কিল’মিটাৰৰপৰা ১০ কিল’মিটাৰ পর্যন্তহে ডাঠ। ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেণাইট জাতীয় শিলেৰে গঠিত।

(খ) আগ্নেয় শিল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত, উত্তপ্ত পদার্থসমূহক  মেগমা বোলা হয়। এনে মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনে ধৰণে গঠন হোৱা শিলক আগ্নেয় শিল বোলা হয়।

(গ) মাটি বুলিলে কি বুজা?

উত্তৰঃ ভূত্বকৰ আন এবিধ উপাদান হ’ল মাটি। পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো য’ত আমি ঘৰ-দুৱাৰ সাজো, খেতি-বাতি কৰোঁ, যাতায়াতৰ ব্যৱস্থা কৰোঁ, য’ত গছ-গছনিয়ে খামোচ মাৰি ধৰি থাকে সেই অংশকে মাটি বুলি কোৱা হয়। সাধাৰণতে শিলৰপৰাই মাটিৰ উৎপত্তি হয়।

(ঘ) মণিক কি?

উত্তৰঃ পৃথিৱীৰ খোলাটোৰ আন এটি উপাদান হ’ল মণিক। পৃথিৱীত প্রাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদার্থসমুহেই হ’ল মণিক। মণিকবোৰ সাধাৰণতে কঠিন পদার্থ। মণিকবোৰ ভূত্বকৰ গোটেই খোলাটোতেই পোৱা যায়। সকলো মণিকৰে মনি কিছুমান নির্দিষ্ট ধর্ম আছে। বৰণ, বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদি মণিকৰ মূল ধর্ম। এই মণিকসমূহক দুই শ্রেণীত ভাগ কৰা হৈছে। ইয়াৰে এবিধ হ’ল শিল গঠনকাৰী মণিক আৰু আনবিধ হ’ল আকৰ গঠনকাৰী মণিক।

(ঙ) ”হিউমাছ” কাক বোলে?

উত্তৰঃ মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। মাটিৰ জৈৱিক উপাদান বুলিলে সাধাৰণতে ‘হিউমাছ’ক বুজায়। ঘাঁহ-বন, লতা আৰু গছ-গছনিৰ ডাল-পাতৰ অংশ, বিভিন্ন জীৱ, যেনে- কেঁচু, কুমতি, এন্দুৰ, পোক-পৰুৱাৰ মৃতদেহ, গৰু- ম’হ আদি বিভিন্ন জীৱ-জন্তুৰ বিষ্ঠাবোৰেই মাটিত থকা জৈৱিক পদার্থ। এনে পদার্থসমূহ ৰ’দত শুকাই, পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত ‘হিউমাছ’ সৃষ্টি কৰে।

৪। উত্তৰ লিখা– (১০০টা মান শব্দৰ ভিতৰত)

(ক) পৃথিৱীৰ পৃষ্ঠৰপৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি? চিত্র আঁকি বুজাই লিখা।

উত্তৰঃ

পৃথিৱীৰ পৃষ্ঠৰপৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ তিনিটা। সেই কেইটা হৈছে- ক) ভূত্বক, খ) গুৰুমণ্ডল আৰু গ) কেন্দ্ৰমণ্ডল

(ক) ভূত্বক : পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। ই গড়ে প্রায় ২০ কিল’মিটাৰ ডাঠ। ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেণাইট জাতীয় শিলেৰে গঠিত।

(খ) গুৰুমণ্ডল : ভূত্বকৰ ঠিক তলৰ দ্বিতীয় স্তৰটো হ’ল গুৰুমণ্ডল। এই স্তৰটো প্রায় ২,৯০০ কিল’মিটাৰ ডাঠ। এই স্তৰটো সাধাৰণতে ছিলিকন (Si) আৰু মেগনেছিয়াম (Ma) য়ে গঠিত বাবে ইয়াক ছিমা (sima) স্তৰ বোলা হয়।

(গ) কেন্দ্রমণ্ডল : গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্ৰক আৱৰি থকা স্তৰটোৱেই হ’ল কেন্দ্রমণ্ডল। এক কথাত ইয়েই পৃথিৱীৰ গৰ্ভ। এই স্তৰটো প্রায় ৩,৪৮৬ কিল’মিটাৰ ডাঠ। ইয়াৰ পদার্থবিলাক অতি উত্তপ্ত অৱস্থাত আছে।

(খ) শিল কেইপ্ৰকাৰৰ আৰু কি কি বুজাই লিখা।

উত্তৰঃ উৎপত্তি অনুযায়ী শিলক তিনি প্ৰকাৰে ভাগ কৰিব পাৰি। এই তিনি প্ৰকাৰৰ শিল হ’ল–

(ক) আগ্নেয় শিল।

(খ) গেদীয় শিল। আৰু

(গ) ৰূপান্তৰিত শিল।

(ক) আগ্নেয় শিল:পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত, উত্তপ্ত পদাৰ্থসমূহক মেগ্‌মা বোলা হয়। এনে মেগ্‌মা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনে ধৰণে গঠন হোৱা শিলক অন্তৰ্ভেদী আগ্নেয়শিল বোলা হয়। আনহাতে কেতিয়াবা কিছুমান প্রাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাঁট মেলিলে সেইফালেদি মেগ্‌মা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয়। এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত গোট মাৰি টান হৈ যি শিলৰ সৃষ্টি হয় তাক বহির্ভেদী আগ্নেয়শিল বোলা হয়। পৃথিৱীত আগ্নেয়শিলৰ প্রথমতেই সৃষ্টি হৈছিল বাবে এই শিলক প্রাথমিক শিল বুলিও জনা যায়।

(খ) গেদীয় শিল: পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয়শিল কালক্ৰমত শীত, তাপ, বতাহ, বৰষুণ আদিৰ ভৌতিক, ৰাসায়নিক ক্রিয়া আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুর্বল হৈ ভাঙিবলৈ ধৰে। পিছত এই ভগা অংশবিলাক বতাহ, নৈ, হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ, হ্রদ বা আন নিম্ন অংশত তৰপে তৰপে জমা কৰে। এইদৰে যেতিয়া গেদবোৰ বছৰ বছৰ ধৰি জমা হয়, তেতিয়া এহাতে ওপৰৰ গেদৰ প্ৰচণ্ড চাপ, তাপ আৰু পানীত মিহলি হৈ থকা লো, চুণ আদিৰ ক্ৰিয়াৰ ফলত গেদবোৰ কঠিন হৈ যি শিলৰ সৃষ্টি হয় তাক গেদীয় শিল বোলে।

(গ) ৰূপান্তৰিত শিল: আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বোলে।

(গ) শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা।

উত্তৰঃ শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱৰ ফলত শিলৰ চূৰ্ণ-বিচূৰ্ণ অংশসমূহ বিভিন্ন ঠাইত জমা হৈ যি কোমল অংশৰ সৃষ্টি কৰে সেয়াই হৈছে মাটি। শিলবোৰ সাধাৰণতে কঠিন আনহাতে মাটিবোৰ সাধাৰণতে কোমল।

(ঘ) “মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে”- কথাষাৰ বুজাই লিখা।

উত্তৰঃ সকলো প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদৰ আবাসস্থলী হ’ল ভূত্বক। আমাৰ জীৱন যাত্ৰা, আচাৰ-ব্যৱহাৰ, খেতি-বাতি, অনুষ্ঠান-প্রতিষ্ঠান, যাতায়াত, উদ্যোগ আদি সকলোবোৰ ভূত্বকৰ ওপৰতে নিৰ্ভৰশীল। ভূত্বকৰ অংশ হিচাপে পৰ্বত-পাহাৰ, মালভূমি-সমভূমি আদি জীৱজগতৰ আবাসস্থলী যদিও জলমণ্ডলতো জীৱজগতৰ প্ৰসাৰতা আছে। তেনেকৈ মৰুপ্ৰধান আৰু শীতপ্রধান অঞ্চলতো কম বেছি পৰিমাণে জীৱ-জগত বিদ্যমান। ভূত্বকত পোৱা বিভিন্ন ধৰণৰ শিল, মণিক আৰু মাটিৰ গুণাগুণে জীৱজগতক বিশেষভাৱে প্রভাৱান্বিত কৰি আহিছে। আনহাতে ভূত্বকত পোৱা বিভিন্ন ধৰণৰ খনিজ পদার্থ যেনে নাইট্র’জেন, পটাছিয়াম, মেনেছিয়াম, ছালফাৰ, ফচফৰাচ, কেলছিয়াম, লো, তাম, সীহ আদিয়ে উদ্ভিদ আৰু প্ৰাণীৰ বৃদ্ধি আৰু বিকাশত বিশেষ অৰিহণা যোগাই আহিছে। মানুহৰ জীৱন-ধাৰণৰ বাবে খাদ্যদ্রব্য, নানা-ধৰণৰ সামগ্রী, বাসস্থান আদি ভূত্বকৰ মাটিৰ ওপৰতে নিৰ্ভৰশীল।

(ঙ) “মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য” কথাষাৰ বুজাই লিখা।

উত্তৰঃ মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্রাকৃতিক কাৰকৰ প্ৰভাৱত জহি-খহি চূর্ণ-বিচূর্ণ হয়। এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে মাটিৰ সৃষ্টি হয়।

(চ) ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা।

উত্তৰঃ ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত এক নিবিড় চক্ৰীয় সম্পৰ্ক আছে। মণিকসমূহৰ সমষ্টিয়েই হৈছে শিল। ভূ-তাত্ত্বিক প্ৰক্ৰিয়া (আৱহবিকাৰ) বা ক্ষয়ীভৱনৰ দ্বাৰা শিল ভাঙি মণিকবোৰ সৰু সৰু টুকুৰাত পৰিণত হয়, যিবোৰ জৈৱ পদাৰ্থৰ সৈতে মিহলি হৈ মাটি সৃষ্টি কৰে। এই মাটিৰ পৰাই পুনৰ শিল গঠন হ’ব পাৰে, অৰ্থাৎ মাটিৰ পৰা গেদীয় শিল আৰু পৰিৱৰ্তিত হৈ ৰূপান্তৰিত শিলৰ সৃষ্টি হয় ।

Scroll to Top