পৰিস্থিতি তন্ত্ৰ

 উত্তৰ লিখা- 

(ক) পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক  উপাদানসমূহ কি কি?

উত্তৰঃ উদ্ভিদ, প্রাণী,চৰাই-চিৰিকটি, অণুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান আৰু বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ আদি হৈছে অজৈৱিক উপাদান।

(খ) উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়?

উত্তৰঃ উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল’ব পাৰে বাবে উদ্ভিদবোৰক উৎপাদক বুলি কিয় কোৱা হয়।

(গ) উপভোক্তা কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ উপভোক্তা তিনি প্ৰকাৰৰ- প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা ।

(ঘ) বিয়োজকে আমাক কেনেদৰে সহায় কৰে?

উত্তৰঃ মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটায়, অর্থাৎ ক্ষুদ্র ক্ষুদ্র অংশলৈ পৰিণত কৰি গেলি-পচি যোৱাত সহায় কৰে। এই গেলি-পচি যোৱা অংশসমূহক কিছুমান অণুজীৱই আহাৰ হিচাপে গ্রহণ কৰে। বাকী থাকি যোৱা অৱশিষ্টখিনি মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে। মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্রহণ কৰি উদ্ভিদৰ বৃদ্ধি হয় এনেদৰে বিয়োজকে সহায় কৰে।

(ঙ) তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা।

উত্তৰঃ তিনিটা পৰিস্থিতি তন্ত্ৰৰ নাম হ’ল- ঘাঁহনি, পুখুৰী আৰু শস্য -পথাৰ।

২। খালী ঠাই পূৰ কৰা-

(ক) শামুক হ’ল প্ৰাথমিক উপভোক্তা।

(খ) এটাতকৈ অধিক খাদ্যশৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়।

(গ) শেন হ’ল দ্বিতীয় শ্ৰেণীৰ উপভোক্তা।

(ঘ) খাদ্যজালত এটাতকৈ অধিক খাদ্যশৃংখল থাকে।

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা-

(ক) খাদ্যশৃংখলৰ আৰম্ভণিতে উদ্ভিদ/প্ৰাণী/অণুজীৱ থাকে।

উত্তৰঃ উদ্ভিদ।

(খ) বিয়োজকে/উৎপাদকে/উপভোক্তাই খাদ্য প্ৰস্তুত কৰে।

উত্তৰঃ উৎপাদকে।

(গ) উৎপাদকে/বিয়োজকে/উপভোক্তাই মৃতদেহ গেলি পচি যোৱাত সহায় কৰে।

উত্তৰঃ বিয়োজকে।

৪। খাদ্যশৃংখল কি? উদাহৰণেৰে সৈতে বুজাই লিখা।

উত্তৰঃ খাদ্যৰ বাবে ইটোৱে-সিটোৰ ওপৰত নিৰ্ভৰ কৰাকে খাদ্যশৃংখল বোলা হ’য় । যেনে- ফৰিঙে ঘাঁহ খায়, ফৰিঙক ভেকুলীয়ে খায়, ভেকুলীক সাপে খায় আৰু সাপক শেন চৰায়ে খায় খায়।

৫। পুখুৰী এটা পৰিস্থিতি তন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা।

৬। সালোক সংশ্লেষণ বুলিলে কি বুজা?

উত্তৰঃ সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিৎকণাৰ উপস্থিতিত বায়ুৰ পৰা গ্ৰহণ কৰা কাৰ্বন-ডাই-অক্সাইড গেছ আৰু শিপাই শুহি লোৱা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটো হৈছে সালোক-সংশ্লেষণ।

৭। পাৰ্থক্য লিখা- 

(ক) উৎপাদক আৰু বিয়োজক

উত্তৰঃ উৎপাদকে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল’ব পাৰে। আনহাতে বিয়োজকে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল’ব নোৱাৰে ।

(খ) তৃণভোজী আৰু মাংসভোজী প্ৰাণী

উত্তৰঃ তৃণভোজী প্ৰাণীয়ে ঘাঁহ খায়। আনহাতে মাংসভোজী প্ৰাণীয়ে মাংস খায়।

(গ) খাদ্যশৃংখল আৰু খাদ্যজাল

উত্তৰঃ খাদ্যশৃংখলত জীৱবিলাকৰ ইটোৱে-সিটোক খাদ্য হিচাপে গ্ৰহণ জীয়াই থাকে। আনহাতে খাদ্যজালত একেবিধ খাদ্যকে বেলেগ বেলেগ প্ৰাণীয়ে খায়।

৮। পৰিস্থিতি তন্ত্ৰত প্ৰথম শ্ৰেণীৰ উপভোক্তাবোৰ নোহোৱা হৈ গ’লে কি হ’ব?

৯। খাদ্যজালৰ কিয় সৃষ্টি হয়?

উত্তৰঃ এটা জীৱই এটাতকৈ বেছি খাদ্যশৃংখলত ভাগ লোৱাৰ ফলত খাদ্যজালৰ সৃষ্টি হয়।

১০। মাটিত পৰি থকা জীৱবোৰ কিয় গেলি পচি যায়?

উত্তৰঃ মাটিত পৰি থকা মৃত জীৱবোৰ গেলি-পচি যায় কাৰণ মাটিত থকা কিছুমান বেক্টেৰিয়া আৰু ভেঁকুৰে উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ অংশসমূহৰ বিয়োজন ঘটায়, অর্থাৎ ক্ষুদ্র ক্ষুদ্র অংশলৈ পৰিণত কৰি গেলি-পচি যোৱাত সহায় কৰে।

Scroll to Top