১। অণুজীৱ কাক বােলে? অণুজীৱৰ পৰা হােৱা দুবিধ বেমাৰৰ নাম লিখা।
উত্তৰঃ ক্ষুদ্র ক্ষুদ্ৰ আকৃতিৰ জীৱবোৰক অণুজীৱ বোলে। অণুজীৱৰ পৰা হোৱা দুবিধ বেমাৰ হৈছে – কলেৰা আৰু টাইফয়েড।
২। দুবিধ উপকাৰী আৰু দুবিধ অপকাৰী অণুজীৱৰ নাম লিখি সিহঁতৰ উপকাৰিতা আৰু অপকাৰিতাৰ বিষয়ে লিখা।
উত্তৰঃ দুবিধ উপকাৰী অণুজীৱৰ নাম হৈছে – লেক্ট’বেছিলাছ আৰু ইষ্ট। লেক্ট’বেছিলাছে এৱা গাখীৰক দৈত পৰিণত কৰে আৰু ইষ্ট পাউৰুটি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।
দুবিধ অপকাৰী অণুজীৱ হৈছে – পেনিচিলিয়াম আৰু মিউকৰ। পেনিচিলিয়ামে কমলা, নেমুটেঙা আদি পচায় আৰু মিউকৰে খাদ্য়বস্তুৰ ওপৰত ভেকুৰৰ সৃষ্টি কৰে।
৩। ৰােগৰ বীজাণুবােৰ কি কি উপায়েৰে বিয়পে?
উত্তৰঃ পানী, খাদ্য, মাখি, বতাহ, বেমাৰীৰ মলমূত্ৰ, থু-খেকাৰ আদিৰ দ্বাৰা বিয়পে।
৪। অণুজীৱবােৰ ক’ত থাকে?
উত্তৰঃ অণুজীৱবোৰ আমাৰ পৰিৱেশৰ মাটি, বায়ু, পানী, খাদ্য়শস্য়, জাবৰ-জোঁথৰ আদি সকলোতে পোৱা যায়।
৫। কি কি উপায়েৰে সোঁচৰা বেমাৰ বিয়পাত বাধা দিব পাৰি?
উত্তৰঃ সোঁচৰা বেমাৰবোৰৰ পৰা হাত সাৰি থাকিবলৈ হ’লে খাদ্যবস্তু ভালদৰে সিজাই আৰু পানী ভালদৰে উতলাই ঠাণ্ডা কৰি খাব লাগে। খোৱা বস্তু ঢাকোন দি ৰাখিব লাগে যাতে বীজাণু প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ উপৰিও ঘৰৰ আচবাব, কাপোৰ কানি আদি পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখিব লাগে। ঘৰৰ আশে পাশে জাবৰ-জোঁথৰৰ দ’ম, মল-মূত্র আদি জমা হ’বলৈ দিব নালাগে।
৬। বীজাণুনাশক আৰু বীজাণুবাৰক কাক বােলে?
উত্তৰঃ যিবোৰ বস্তুৱে বিজানু ধ্বংশ কৰে সেইবোৰকে বীজাণুনাশক বোলা হয়। আৰু যিবোৰ বস্তৱে বীজাণুবোৰক বৃদ্ধিত বাধা দিয়ে সেইবোৰক বীজাণুবাৰক বোলা হয়।
৭। খালী ঠাই পূৰ কৰাঃ
(ক) ________ খালী চকুৰে নেদেখি।
উত্তৰঃ অণুজীৱ খালী চকুৰে নেদেখি।
(খ) অণুজীৱ দুই প্রকাৰৰ। _______ আৰু ________।
উত্তৰঃ অণুজীৱ দুই প্রকাৰৰ উপকাৰী আৰু অপকাৰী।
(গ) ৰােগৰ সৃষ্টি কৰা অণুজীৱক _______ বােলে।
উত্তৰঃ ৰােগৰ সৃষ্টি কৰা অণুজীৱক বীজাণু বােলে।
(ঘ) কলেৰা বেমাৰ _________ নামৰ অণুজীৱৰ পৰা হয়।
উত্তৰঃ কলেৰা বেমাৰ পেনিচিলিয়াম নামৰ অণুজীৱৰ পৰা হয়।
(ঙ) ________ নামৰ অণুজীৱই এঁৱা গাখীৰক দৈত পৰিণত কৰে।
উত্তৰঃ লেক্ট’বেছিলাছ নামৰ অণুজীৱই এঁৱা গাখীৰক দৈত পৰিণত কৰে।
৮। কেইবিধমান সোঁচৰা ৰােগৰ লক্ষণ আৰু প্ৰতিকাৰৰ বিষয়ে লিখা।
উত্তৰঃ কলেৰাঃ বেমাৰীৰ বমি হয়, সঘনে পনীয়া শৌচ হয়। এই বেমাৰৰ পৰা ৰক্ষা পাবলৈ আগতেই প্ৰতিষেধক বেজি ল’ব লাগে।
মেলেৰিয়াঃ এই বেমাৰ হ’লে কঁপি কঁপি জ্বৰ উঠে। এই বেমাৰৰ পৰা হাত সাৰিবলৈ প্ৰতিষেধক বেজি ল’ব লাগে।
ইনফ্লুয়েঞ্জাঃ এই বেমাৰ হ’লে ৰোগীৰ হাত-ভৰিৰ গাঁঠিৰ বিষ হয়। গা জ্বৰ জ্বৰ লাগে। এই ৰোগ হ’লে বেমাৰীয়ে হাত-ভৰি নিমখ মিহলি গৰম পানীৰে ধুলে আৰাম পায়। নহৰু দিয়া মিঠাতেল গৰম কৰি পিঠি, ডিঙি, হাত, ভৰি আদি সেকিলেও ভাল ফল পোৱা যায়। ঠাণ্ডা লগা একো কাম কৰিব নালাগে।